হোজাই

৩০ ডিচেম্বৰ

নিউষ্টাৰ ক্লাবৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা সন্দৰ্ভত সংবাদমেল। সংবাদমেলত নিউষ্টাৰ ক্লাবৰ দ্বাৰা আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাখনত পক্ষপাতিত্ব নকৰাৰ কথা স্বীকাৰ কৰিলে খেল পৰিচালনা সমিতিয়ে৷ নিউষ্টাৰ ক্লাবে নীলবাগানত আয়োজন কৰিছিল সদৌ অসম ভিত্তিত নৈশ ক্ৰিকেট প্ৰতিযোগিতা৷

উক্ত প্ৰতিযোগিতাখনত চুলেমান উচমান মিঠাইৱালাৰ দলটোৱে অংশগ্ৰহন কৰি পৰাজিত হোৱাৰ পিছত কৰিছিল আম্পায়াৰৰ বিৰুদ্ধে কেতবোৰ অপপ্ৰচাৰ৷ উল্লেখ্য যে ২৬ তাৰিখে নীলবাগান খেলপথাৰত চুলেমান উচমান মিঠাইৱালা আৰু নীলবাগান ৰয়েলছৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেট প্ৰতিযোগিতাখন৷ প্ৰতিযোগিতাখনত অন্তিম অভাৰৰ অন্তিমটো বল ৱাইড দিয়াক লৈ চুলেমান উচমান মিঠাইৱালা দলৰ এজনে আম্পায়াৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলি চছিয়েল মেডিয়াত এটি ভিডিঅ আপলোড কৰিছিল৷ উক্ত ভিডিঅত আম্পায়াৰে ২৫-২৭ ছেকেণ্ডৰ ভিতৰত ৱাইড দিয়া বুলি অপপ্ৰচাৰ কৰিছিল লোকজনে৷ ইয়াৰ পিছতে ভিডিঅটোক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে লোকজনে পুনৰ আন এটি ভিডিঅ প্ৰস্তুত কৰি নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰে কিন্তু ইয়াৰ পিছতো স্থানীয় ৰাইজ উত্তেজিত হৈ নিউষ্টাৰ ক্লাবৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা চুলেমান উচমান মিঠাইৱালাৰ প্ৰতি সৰৱ হৈ পৰে৷ ৰাইজৰ দাবী বৃহস্পতিবাৰে অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনত উপস্থিত হৈ লোকজনে ক্ষমা বিচাৰক৷ অন্যথা লোকজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ গ্ৰহণ কৰিছে স্থানীয় ৰাইজে৷

ইফালে নিউষ্টাৰ ক্লাবে এখন সংবাদমেলৰ আয়োজন কৰি আম্পায়াৰৰ বিৰুদ্ধে অভিযোগ অনা লোকজনক তীব্ৰ গৰিহনা দি লোকজনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে৷ সংবাদমেলত নিউষ্টাৰ ক্লাবে উক্ত প্ৰতিযোগিতাখনৰ ভিডিঅ প্ৰদৰ্শন কৰি আম্পায়াৰে দুই ছেকেণ্ডৰ ভিতৰত ৱাইডৰ সিদ্ধান্ত দিয়া বুলি প্ৰমান দেখুৱাই লোকজনক কঠোৰ ভাষাৰে গৰিহনা দিয়ে৷