মানকাচৰ
১৮ মার্চ
মানকাচাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু নিৰ্দলীয় প্ৰাৰ্থী মানকাচৰৰ সাংবাদিক মনোৱাৰ হুছেইনে দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মকৰ্তা আৰু সমৰ্থকৰ বিপুল উৎসাহ- উদ্দীপনাৰ মাজত দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাক্তন বিধায়ক জাভেদ ইছলামে।
মানকাচৰৰ হাটশিঙিমাৰীৰ জনতা হায়াৰ চেকেণ্ডেৰী স্কুল খেল পথাৰত পৰা পদব্ৰজে ৩০ সহস্ৰাধিক সমৰ্থকক লগত লৈ শোভাযাত্ৰা কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত উপস্থিত হৈ জাভেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰে। মানকাচৰ সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে জাভেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰে। পদব্ৰজে অহা সময়ত মীৰজুমলাৰ মাজাৰ শ্বৰীফত জাভেদ ইছলামে পিতৃ তথা প্ৰায়ত মন্ত্ৰী জহিৰুল ইছলামৰ কবৰত সেৱা জনাই মনোনয়ন পত্ৰ দাখিলৰ বাবে যাত্ৰা আৰম্ভ কৰে। মানকাচৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাংবাদিক মনোৱাৰ হুচেইন আজি মনোনয়ন পত্ৰ দাখিল কৰিলে। ইফালে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে সাংবাদিক মনোৱাৰ হুছেইনে।
প্ৰায় দুবছৰ ধৰি সাংবাদিক গৰাকী মানকাচৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছিল। মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিক মনোৱাৰ হুছেইনে কয় যে মানকাচৰ সমষ্টি দুৰ্নীতিৰ ভূমি হৈ পৰিছে। সমষ্টিটোৰ দুৰ্নীতি ৰোধ কৰিবলৈ নিজকে সাহসী প্ৰাৰ্থী বুলি দাবী সাংবাদিক গৰাকীয়ে।