মানকাচৰ
১৭ মার্চ

দক্ষিণ শালমাৰা-মানকাচৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। দক্ষিণ শালমাৰাৰ পামপাৰা চতলাৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াই বিপদ মাতিছে কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে। খহনীয়া প্ৰতিৰোধৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ঠিকাৰৰ বিৰুদ্ধে।

ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত থকাত খহনীয়াগ্ৰস্ত লোক সকল খহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে। মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ শিশুমাৰা কাঁইটীয়া তাৰৰ বেৰৰ পৰা আৰম্ভ কৰি ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ চতলাৰপাৰলৈ প্ৰায় ২০-২৫ খন গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱলীলা চলাই থকা পৰিলক্ষিত হৈছে। চপৰা-চপৰে নদীৰ পাৰ ভঙাৰ ফলত দিশহাৰা হৈ পৰিছে বহু পৰিয়াল। বিশেষকৈ পামপাৰা চতলাৰপাৰ বজাৰসহ প্ৰায় ৬ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি-ভেটি যোৱা বানৰ সময়ত নদীয়ে উটুৱাই নিয়াৰ পিছত এইবাৰ খহনীয়াৰ ফলত নদীৰ জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ। ইফালে খহনীয়া প্ৰতিৰোধৰ নামৰ ব্ৰহ্মপুত্ৰ বৰ্ড, জলসম্পদ বিভাগ, পঞ্চায়তৰ এম জি এন ৰেগাৰ ধনেৰে ঠায়ে ঠায়ে চলোৱা হৈছে প্ৰতিৰোধৰ কাম কিন্তু ঠিকাদাৰে খহনীয়া প্ৰতিৰোধৰ কোনো এখনো কাম সঠিকভাৱে নকৰাত হাহাকাৰ লাগিছে নৈপৰীয়া লোকৰ মাজত। কেতিয়া কাৰ সপোনৰ ঘৰ নদীয়ে উটুৱাই নিয়ে ঠিক নাই ফলত ঠিকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

ইফালে নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে খহনীয়া প্ৰভাৱিত অঞ্চল সমূহত ভিৰ লাগিছে ৰাজনৈতিক দল সমূহৰ নেতাৰ। গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ হ’ব বুলি প্ৰতিশ্ৰুতিৰ ফুলঝাৰী মাৰি নেতা সকলে প্ৰচাৰ আৰম্ভ কৰিছে। নিৰ্বাচন পাৰ হলে গৰাখহনীয়া প্ৰভাৱিত ৰাইজৰ খবৰ এটাও লোৱাৰ সময় নহয় এই নেতা সকলৰ বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।