গুৱাহাটী, ২ অক্টোবৰঃ জালুকবাৰী আৰক্ষীয়ে তিনিটা চোৰক আটক কৰে। প্ৰাপ্ত তথ্য মতে, সুন্দৰবড়ীৰ দীজেন দত্ত নামৰ ব্যক্তিজনৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ চোৰকেইটাই চুৰি কৰাৰ কাৰণে সোমায়। কিন্তু চুৰি কৰাত ব্যৰ্থ হয় চোৰকেইটা। ইয়াৰ পিছতেই আলাউদ্দিন নামৰ চোৰটোৱে অঞ্চলটোৰ সংস্কৃত কলেজৰ সমীপত চুৰি কৰাৰ উদ্দেশ্যে সোমাওতে স্থানীয় লোকে কৰায়ত্ত কৰে। স্থানীয় লোকে আলাউদ্দিনক উত্তম মধ্যম শোধাই জালুকবাৰী আৰক্ষীক গটাই দিয়ে। আলাউদ্দিৰ স্বীকাৰোক্তিৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ষ্টেচনৰ পৰা হজৰত আলী আৰু ৰাজু বাছফাৰক নামৰ আন দুটা চোৰক আটক কৰে। দীৰ্ঘদিন ধৰি পাঁচজনীয়া চোৰৰ দলটোৱে জালুকবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে বাকী দুজন চোৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে।