টিহু, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ-বলাৎকাৰৰ নিচিনা জঘন্য ঘটনা। আজিও আমাৰ দেশত এগৰাকী নাৰী মুঠেও সুৰক্ষিত নহয়। দৈনন্দিন জীৱনত প্ৰত্যেক দিনাই নাৰী এগৰাকীয়ে এজন পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ পৈশাচিক কাণ্ডৰ বলি হৈ আহিছে। তেনে এক পৈশাচিক কাণ্ড বুধবাৰে নিশা সংঘটিত হৈছে নলবাৰী জিলাৰ টিহুত। পাঁচ নৰপিশাচৰ ধৰ্ষণৰ বলি হবলগীয়া হ’ল এগৰাকী বিবাহিত মহিলা। প্ৰাপ্ত বাতৰি অনুসৰি টিহুৰ নাথকুছিৰ  বজাৰৰ পৰা বজাৰ কৰি নিজ ঘৰলৈ ওভতাৰ পথত মহিলাগৰাকীক এ এছ-০১- ডিজি- ৩০৫৬ নম্বৰৰ এখন এল্টো গাড়ীত অহা পাচজনীয়া যুৱকৰ দল এটাই দলবদ্ধ ভাবে ধৰ্ষন কৰে বিবাহিত মহিলাক। পাঁচ নৰপিশাচৰ দলটোৱে প্ৰথমে মহিলাগৰাকীক উক্ত গাড়ীখনৰ ভিতৰতে ধৰ্ষণ কৰে। আৰু ইমানতেই ক্ষান্ত নাথাকি হাত ভৰি বান্ধি মহিলাগৰাকীক পেলাই দিছিল খাৰাধৰা ফৰেষ্টত। এই কু কাণ্ডত জড়িত ধৃত নুৰুল আলী, বকুল নাথক আটক কৰিছে আৰক্ষীয়ে। ধৃত নুৰুল আলীৰ ঘৰ খাৰাঝৰা নবাৰীত আৰু আনজন বকুল নাথৰ ঘৰ খাৰাধৰা বৰঝাৰত। আৰু আন ধৃত কেইজন কিশোৰমোহন দাস, ৰূপধন আলী, মেৰাজুল আলী সম্প্ৰতি পলাটক অৱস্থাত আছে। ধৰ্ষিতা মহিলা গৰাকীৰ স্বামী দিন হাজিৰা কৰে। মহিলাগৰাকীৰ এজনী কন্যা সন্তান আছে। সম্প্ৰতি মহিলা গৰাকীক নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। টিহু থানাত আৰক্ষীয়ে ধৃত দুজনক সোধ পোচ অব্যাহত ৰাখিছে।