তামুলপুৰ, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ দ্বাৰকুছিত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়ংকৰ পথ দুৰ্ঘটনাটোত উত্তৰ গান্ধীবাৰী গাঁৱৰ নাৰায়ণ পাটোৱাৰীৰ পুত্ৰ বিনোদ পাটোৱাৰী আৰু ৰঙিয়াৰ অজিত দাসৰ পুত্ৰ গৌতম দাস থিতাতে নিহত হয়। জানিব পৰা মতে বিনোদ আৰু গৌতমে এ এছ ০১ ডি ই ৫০৩৪ নম্বৰৰ পাল্ছাৰ গাড়ী খনৰে ৰঙিয়াৰ পৰা তামুলপুৰৰ অভিমুখে আহি থকা অৱস্থাত ভূটান দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডাম্পাৰে দ্বাৰকুচিত তামুলপুৰ বন তালাচী চকীৰ সম্মুখতে যুৱক দুজনক মহতিয়াই নিয়াত যুৱক দুজন থিতাতে নিহত হয়। লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত যুৱক দুজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু তামুলপুৰ থানালৈ আনা হয় মৃতদেহ কেইটা।