ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১০ মাৰ্চ: তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত শনিবাৰে ৰেল বিভাগে উচ্ছেদ চলাবলৈ আহি থমকি ৰব লগা হয়। উচ্ছেদ চলাবলৈ লওঁতে ৰাইজে বাধা প্ৰদান কৰাত থমকি ৰবলগীয়া হল ৰেল বিভাগ৷ উচ্ছেদৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে ৩৮ ৰাষ্ট্ৰী়য় ঘাই পথ অবৰোধ কৰাত ৰেল বিভাগ থমকি ৰব লগা হয়। চৰকাৰী মাটিত বেদখলীৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন সময়ত অভিযান চলাই থকাৰ মাজতে শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈৰ বগাপানীত উচ্ছেদ চলাবলৈ আহি ৰাইজৰ বাধাত থমকি ৰব লগা হল ৰেল বিভাগ৷ ৰাইজে অভিযোগ কৰে যে ৰেল বিভাগ কোনো ধৰনৰ জাননী প্ৰদান নকৰাকৈ উচ্ছেদ চলাবলৈ আহিছিল আৰু ইয়াৰ বিৰুদ্ধে প্ৰায় ১ সহস্ৰাধিক লোকৰ পথলৈ ওলাই আহি ৩৮ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত ৩৮ নং ৰাষ্ট্রীয় ঘাই পথৰ ওপৰত কেইবাশ বাহন আবদ্ধ হৈ পৰাত অবৰোধস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দেবজিত মাৰাং, ৰাজহ চক্ৰ বিষয়া ৰাকেশ চেত্ৰী আৰু ৰেল বিভাগৰ উচ্ছ পদস্ত বিষয়া উপস্থিত হয়৷