গুৱাহাটী, সংবাদ ৩৬৫, ১০ মাৰ্চ: ১৮ মাৰ্চত পৰ্যটকৰ বাবে বন্ধ থাকিব পবিতৰা অভয়াৰণ্য। হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰী কৰিব নোৱাৰিব পৰ্যটকে। গঁড় পিয়লিৰ বাবে ১৮ মাৰ্চত অভয়াৰণ্যখন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বন বিভাগে। বিশ্বৰ ভিতৰতে সীমিত বিচৰণভূমিত সৰ্বাধিক গঁড়ৰ বিচৰণস্থলী পবিতৰা অভয়াৰণ্যত বৰ্তমানৰ কিমান সংখ্যা গঁড় আছে ওলিয়াবলে ১৮ মাৰ্চৰ পৰা পবিতৰাত চলিব গঁড়ৰ গণনা৷ পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে এইবেলি অতি আধূনিক আৰু ডিজিটেল প্ৰক্ৰিয়াৰে পবিতৰাত হ’ব গড় গণনা। পবিতৰা অভয়াৰণ্যখনক ৭টা ভাগত বিভক্ত কৰি গঁড় গণনা কৰা হব যত নিয়োগ কৰা হ’ব প্ৰায় এশজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বন বিশেষজ্ঞৰ লগতে বিদেশৰ পৰা অহা কেইজনমান বন্যপ্ৰাণী বিশেষজ্ঞ৷ পবিতৰাত গঁড় গণনাত উপস্থিত থাকিব ডব্লিউডব্লিউএফ’ৰ ৪জন প্ৰতিনিধি আৰু দীৰ্ঘদিন ধৰি পৰিৱেশ আৰু বন্যপ্ৰাণীকলৈ কাম কৰি অহা বহুকেইটা স্থানীয় স্বেচ্চাসেৱী সংগঠন। পবিতৰাত ২০১২ চনত শেষবাৰৰ বাবে গঁড়ৰ গণনা হৈছিল আৰু সেইসময়ত অভ্যাৰণ্যখনত গঁড়ৰ সংখ্যা আছিল ৯৩টা৷ কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত কেইবাটাও গঁড়ৰ মৃত্যু হোৱাৰ বিপৰীতে পবিতৰাত বিগত ছটা বছৰত প্ৰাকৃতিকভাৱে মাত্ৰ এটা গঁড়ৰ মৃত্যু হৈছে৷ সেয়ে আশা কৰা হৈছে ২০১২ ৰ তুলানত পবিতৰাত ১০০তাতকৈ অধিক বৃদ্ধি পাব এশিঙীয়া গড়ৰ সংখ্যা৷