ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৭ ডিচেম্বৰ: তিনিচুকীয়া জিলা ডিগবৈ থানা অন্তৰ্গত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এছ- ২৩- এচি-১৭৪৫ চাহপাত কঢ়িয়াই অনা ৭০৯ পেঙেৰি পৰা তিনিচুকীয়া অভিমুখী গৈ থকা অৱস্থাত আনদিশে এছ-০১-এইচ চি- ৫৩১৫, পঞ্জাৱ বডী গাড়ী তিনিচুকীয়া পৰা ডিগবৈ অভিমুখে ফালে আহি থকা অৱস্থাত দুইখনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। জানিব পৰা মতে দুইখনৰে গাড়ীৰ চালক মদৰ নিচাত তীব্ৰ গতিত আছিল যাৰ ফলত এই দূৰ্ঘটনা সংঘটিত হ’বলৈ পালে। অৱশ্য এই ভয়ংকৰ পথ দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও চাহপাত গাড়ীৰ ড্ৰাইভাৰ সাগীৰ আহমেদ, হেণ্ডিমেন অৰ্জুন ভাতা, মহুৰি হাবিব আহমেদ গুৰুতৰভাৱে আহত হয়। পঞ্জাৱ বডীৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। প্ৰায় ৩ ঘণ্টা ধৰি ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ হৈ পৰে। এনেই কিছুমান দুষ্কৃতি গাড়ীৰ চালকৰ কাৰণে বেলেগ পথচাৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ঘটনাৰস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ প্ৰায় ৩ ঘণ্টা ধৰি আৱদ্ধ হৈ থকা ৰাজপথ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।