নিউজ ডেস্ক, ২৭ ডিচেম্বৰ: জনজাতিকৰণৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাই আজি পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ টিংখাং ৰাজগড়ত মিশ্ৰিত ৰূপত পৰা পৰিলক্ষিত হয়। বন্ধৰ মাজতে সমষ্টিৰটোৰ ব্যৱসায়-বাণিজ্যৰ মূল কেন্দ্ৰ ৰাজগড়ৰ প্ৰায় সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে যদিও আটাছুৰ ৰাজগড় আঞ্চলিকৰ একাংশ বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজগড় দৈনিক বজাৰ সমীপত আৰ এছ এছ মুৰ্দাবাদ, আৰ এছ এছৰ গুন্দাগিৰী নচলিব, বিজেপি গ’বেক আদি বিভিন্ন শ্লগানৰে প্ৰতিবাদকাৰীসকলে মৰান-নাহৰকটীয়া ৰাজ্যিক পথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ছয় জনগোষ্ঠীৰ  জনজাতিকৰণৰ দাবী জনোৱাৰ লগতে হিন্দু নাগৰিকত্ব আইন ২০১৬ বাতিল কৰাৰ দাবী জনায়।