কাৰ্বি আংলং, ২১ এপ্ৰিলঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নেতা-বিষয়াৰ গাফিলতিৰ বিৰুদ্ধে সোঁচ্চৰ হৈ পৰে জিলাখনৰ ২৪ টাকৈ সংগঠন৷ জিলাখনৰ উন্নয়ন কাৰণে আৱন্টিত পুঁজিৰ ব্যাপক লুন্ঠন আৰু কাৰ্বি আদিবাসী লোকসকলক ষষ্ঠ অনুসূচীত অৰ্ন্তভূক্ত কৰাৰ দাবীত আজি কাৰ্বি ফাৰমাৰ এচ’ছিয়েছন, পিপলছ ফ’ৰ পিপলছ আৰু ইউনাইটেড কাৰ্বি ষ্টুডেন্টকে ধৰি ২৪ টা সংগঠনে ডিফুত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন কেইটাৰ সদস্যই পৰিষদৰ নেতা-বিষয়াৰ গাফিলতিৰ বিৰুদ্ধে ৰাজপথত নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে কাৰ্বি আংলং পাহাৰীয়া জিলাখনৰ উন্নয়নৰ কাৰণে আৱন্টিত কোটি কোটি টকা পৰিষদৰ নেতা-বিষয়াই আত্মসাত কৰি থকাৰ পিছতো চৰকাৰে নিৰৱ ভূমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ তেওঁলোকে চৰকাৰক শীঘ্ৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেলেংকাৰীত জড়িত নেতা-বিষয়াৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ প্ৰতিবাদকাৰী সকলে কাৰ্বি আদিবাসী লোকসকলক ষষ্ঠ অনুসূচীত অৰ্ন্তভূক্ত কৰা,সংবিধানৰ ৬ বি ধাৰা অনুসৰি আদিবাসী লোকসকলৰ কাৰণে পৃথক ভোটাৰ তালিকাত প্ৰস্তুত কৰাৰো দাবী উত্থাপন কৰে৷