গোসাইগাঁও, সংবাদ ৩৬৫, ২৮ আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকা সময়ত অসমৰ সীমান্ত আৰক্ষীয়ে প্ৰকৃত ভাৰতীয় তথা অসমত বসবাস কৰা একাংশ বঙালী লোকক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগসহ একাধিক দাবী লৈ বঙালী জনমুক্তি বাহিনীৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে।অসমত বসবাস কৰা বঙালী সকলক ভাৰতীয় হোৱা সত্বেও বিদেশী সজাই হাৰাশাস্তি কৰাৰ উপৰি একাংশ লোকক ডিটেনচন কেম্পত বন্দী শিবিৰত আটক কৰি মানবাধিকাৰ ভংগ কৰা বিষয়টোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী তথা অন্যান্য উচ্চপদস্হ বিভাগীয় বিষয়াক ডি ভোটাৰ বিষয়টো লৈ অৱগত কৰি ইয়াৰ স্হায়ী সমাধানৰ দাবী উত্থাপন কৰি বঙালী জনমুক্তি বাহিনীৰ সভাপতি ৰঞ্জন সৰকাৰ আৰু মুখ্য সেনাধক্ষ্য কমল পালৰ নেতৃত্বত বঙালী জনমুক্তি বাহিনীৰ এটি সঁজাতি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ,গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুক নতুন দিল্লীত সাক্ষাৎ কৰে।বঙালী জনমুক্তি বাহিনীৰ নেতৃবৃন্দই কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ ধৰি প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলো প্ৰমাণ পত্ৰ থকা সত্বেও ৰাজ্যৰ সীমান্ত আৰক্ষীয়ে যধে মধে ডি ভোটাৰ সজাই একাংশ অশিক্ষিত তথা দৰিদ্ৰ বঙালীক হাৰাশাস্তি কৰাই নহয় ইতিমধ্যে বহুতো লোকক বন্দী শিৱিৰত নিক্ষেপ কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ কৰে।বন্দী শিৱিৰত আটক প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিনাচৰ্তে আৰু অতি শীঘ্ৰে মুক্ত কৰি দিবলৈও দাবী জনায়। উক্ত অমানবীয় আৰু বঙালী বিৰোধী কাৰ্যকলাপ বন্ধ কৰি প্ৰকৃত নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনায়।আনহাতে অসমত দীৰ্ঘদিনৰ পৰা বিদেশী বহিষ্কাৰৰ নামত একমাত্ৰ বঙালীভাষী সকলক টাৰ্গেট কৰি ধাৰাবাহিক ভাৱে অপমানিত অত্যাচাৰিত কৰাৰ একাধিক তথ্য দাঙি ধৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজু আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰি বিষয়টোৰ স্হায়ী সমাধানৰ দাবী জনায়।ইয়াৰ উপৰি সংগঠনটোৰ প্ৰতিনিধি দলটোৱে নাগৰিকত্ব সংশোধিত বিধেয়ক ২০১৬ খন গৃহীত কৰি আইনৰ সহায়ত ধৰ্মীয় আৰু সাম্প্ৰদায়িক হিংসাৰ বলি হৈ ভাৰতবৰ্ষত আশ্ৰয় লৈ থকা হিন্দু সকলক নাগৰিকত্ব প্ৰদানৰ দাবী জনায়। ইয়াৰ উপৰি সম্প্ৰতি একপক্ষীয় যুদ্ধবিৰতিত অৱস্হান কৰি থকা বঙালী জনমুক্তি বাহিনীৰ একাধিক দাবী উত্থাপন কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ দাবী সম্বলিত দুটা স্মাৰক পত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত অৰ্পন কৰে বুলি সংগঠনটোৰ সাংগঠনিক সম্পাদক সুৰজ ৰায়ে জানিবলৈ দিয়ে।