কলগাছিয়া, সংবাদ ৩৬৫, ২৯ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে বিমুদ্রাকৰণৰ জড়িয়তে দেশত ৫০০ আৰু ১০০০ টকাৰ প্ৰচল বন্ধ ঘোষণা কৰাৰ পিছতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিছুমানে প্ৰধানমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছিল আৰু কিছুমানে সমালোচনা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্রাকৰণৰ জড়িয়তে দেশত থকা কলাধন বাহিৰলৈ ওলাই অহা, দেশত নকল নোটৰ প্ৰচলন বন্ধ কৰা, ভাৰতবর্ষক এখন কেছলেছ দেশ হিচাপে গঢ়ি তোলাৰ যুক্তি প্ৰদৰ্শন কৰি সমালোচক সকলৰ মুখ বন্ধ কৰিছিল। বিমুদ্রাকৰণৰ পিছত দেশত নকল নোটৰ প্ৰচলন বন্ধ হোৱা নাই আৰু নকল নোটৰ লগত জড়িত ব্যৱসায়ী সকলে মোদী চৰকাৰে নতুনকৈ প্ৰচলনলৈ অনা ৫০০ আৰু ২০০০ টকাৰ নোট ঘৰতে ছপা কৰি দেশৰ অৰ্থনীতি জুৰুলা কৰি আছে ইয়াৰ প্ৰমাণ দেখিবলৈ পোৱা গল বৰপেটা জিলাৰ কালগাছিয়াত।

 

কলগাছিয়া আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাই জাল নোট ছপা ঘাটি উচ্ছেদ কৰে। আৰক্ষীয়ে অভিযানত জাল নোট ছপোৱা মেচিন আৰু ২.৫ লাখ জাল নোট টকাসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ বাপুজিনগৰৰ শংকৰ বিশ্বাসৰ পুত্ৰ সুদীপ বিশ্বাস আৰু বঙাইগাঁও জিলাৰ শিমলাবাৰীৰ অমৰ আলীৰ পুত্ৰ শফিকুল ইছলামে কলগাছিয়া আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত ভাড়া ঘৰলৈ এমাহ ধৰি জাল নটো ছপা কৰি আছিল। যুৱক দুজনে ইউটিউবৰ পৰা জাল নোট ছপা কৰাৰ প্ৰশিক্ষণ লাভ কৰি ৫০, ১০০, ২০০ টকাৰ মুঠ ২.৫ লাখ জাল নোট ছপা কৰিছিল। আৰক্ষীয়ে অভিযানত জল নোট সমূহৰ লগতে জাল নোট ছপা কৰা সামগ্ৰী সমূহ জব্দ কৰি যুৱক দুজনক জেৰ অব্যহত ৰাখিছে।

জানিব পৰা মতে ইয়াৰে শফিকুল ইছলাম নামৰ যুৱক জন কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ মেধাৱী ছাত্ৰ। অতি দৰিদ্ৰ পৰিয়ালৰ শফিকুলে বহিঃৰাজ্যৰ অভিযন্ত্ৰা শিক্ষা অনুষ্ঠানত আসন লাভ কৰিছিল যদিও দৰিদ্ৰতাৰ বাবে নামভৰ্তি কৰিব নোৱাৰি জাল নোট ছপা কৰা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল।