কুন্দন ভৰালী

নগাঁও

১২ ছেপ্টেম্বৰ

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰৰ গৃহ বিভাগ।এইবাৰৰ পৰা আৰু ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি সকলৰ ৰক্ষা নাই। এতিয়াৰ পৰা নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰা কাৰ্যত জৰিত সকলে সহজে মুক্তি নাপাব জেলৰ পৰা।

ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰা সকলৰ এতিয়া আৰু ৰক্ষা কাৰণ নিচাযুক্ত দ্ৰৱ্যৰ বেহা লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰহৈ পৰিছে অসম আৰক্ষী তথা চৰকাৰৰ গৃহ বিভাগ। পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে নিচাযুক্ত দ্ৰব্য ব্যৱসায় আৰু সৰবৰাহৰ লগত জড়িত অপৰাধীক আটক কৰিবৰ বাবে পি আ ইটি এন ডি পি এস আইন ১৯৮৮ৰ অধীনত এক নিৰ্দেশ জাৰি কৰিছে। গৃহ বিভাগৰ এই নিৰ্দেশ প্ৰথমে ৰূপায়ণ কৰা হৈছে নগাঁও জিলাত। শনিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এখন সংবাদমেল যোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে, নগাঁও আৰক্ষীয়ে নগাঁও ৰেল ষ্টেচনৰ পৰা অনুৱাৰা বেগম নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক কিছুদিন পূৰ্বে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল।সম্প্ৰতি কাৰাগাৰত থকা অনুৱাৰা বেগম নামৰ ড্ৰাগছ সৰবৰাহকাৰী অসম চৰকাৰৰ গৃহ বিভাগৰ এই নতুন নিৰ্দেশ মৰ্মে সহজতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিব।

অনুৱাৰা বেগমৰ বিৰুদ্ধে এই পদক্ষেপ জাৰি কৰি ৰাজ্যখনৰ ভিতৰতে প্ৰথম বাৰৰ বাবে নগাঁও আৰক্ষীয়ে গৃহ বিভাগৰ এই নিৰ্দেশনা সফলভাৱে ৰূপায়ন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে। জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় তথা সৰবৰাহৰ লগত জড়িত অন্য সৰবাৰাহকাৰীৰ সকলৰ ক্ষেত্ৰতো একেই পন্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলত সদৰি কৰে।