আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
১২ ছেপ্টেম্বৰ

শিৱসাগৰত বিলাসী বাহনত উঠি অহা এজন ব্যৱসায়ীৰ নিশা গুণ্ডামি। সুৰাৰ ৰাগীত মাতাল ব্যৱসায়ী প্ৰণৱ দত্তই ঘুচিয়াই বগৰালে কৰ্তব্যৰত যানবাহন আৰক্ষীক। চোলাত ধৰি চোঁচৰালে ট্ৰেফিক কনিষ্টবল মনোজ দিহিঙিয়াক৷ ঘটনাক লৈ সমগ্ৰ শিৱসাগৰত নিশা তীব্ৰ চাঞ্চল্য।

শিৱসাগৰৰ মেলাচকৰ অঞ্চলৰ নিবাসী ৰেল বিভাগৰ ঠিকাদাৰ প্ৰণৱ দত্তই যানবাহন আইন ভংগ কৰি কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ ন’ পাৰ্কিঙত নিজৰ এছ-০৪-কে-৪৪০০ নম্বৰৰ বিলাসী ফৰচ্যুনাৰ গাড়ীখন ৰখোৱাৰ বিৰোধিতা কৰাৰ বাবেই আৰক্ষী জোৱানজনক প্ৰহাৰ কৰে মদমত্ত ব্যৱসায়ী প্ৰণৱ দত্তই।আৰক্ষীক প্ৰহাৰ কৰিয়ে ঘটনাস্থলীৰ পৰা প্ৰণৱ দত্তই পলায়ন কৰিব বিচৰাত মাতাল ব্যৱসায়ীজনক উপস্থিত ৰাইজে আটক কৰি লপাথপা দিয়ে। পৰিস্থিতি অধিক উত্তাল হৈ পৰাত পৰৱৰ্তী সময়ত ঘটনাস্থলীত শিৱসাগৰ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ প্ৰৱণ দত্তক আটক কৰি থানাত লৈ যায়। উল্লেখ্য যে প্ৰহৃত আৰক্ষী কনিষ্টবল মনোজ দিহিঙীয়াই মদমত্ত ব্যৱসায়ী প্ৰণৱ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

শিৱসাগৰ আৰক্ষীয়ে ব্যৱসায়ীজনৰ বিলাসী বাহনখন জব্দ কৰাৰ লগতে ব্যৱসায়ী প্ৰণৱ দত্তক লকআপত বন্দী কৰি ৰাখিছে। আহত আৰক্ষী কনিষ্টবল মনোজ দিহিঙীয়াৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা উদণ্ড প্ৰণৱ দত্তক শনিবাৰে আদালতত হাজিৰ কৰা হ’ব বুলি তদন্তকাৰী আৰক্ষীয়ে জনাইছে৷