তামুলপুৰ, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰত আছুৰ বিজয় উৎসৱ। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত আনন্দত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। তামুলপুৰতো তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া ও সদস্য সকলৰ মাজত দেখা গল আনন্দ মুখৰ পৰিবেশ। ৰাজ্য সভাত নাগৰিকত্ব সংশোধনী বিল উত্থাপন নোহোৱাত আনন্দত মতলীয়া আছুৰ বিষয়-ববীয়া সকলে সন্ধিয়া তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘগ্ৰাচকত ফটকা ফুটাই আনন্দ উল্লাস কৰে। ইপিনে বাক্সা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়া ও সদস্য সকলৰ মাজত দেখা গল আনন্দ মুখৰ পৰিবেশ। নাগৰিকত্ব সংশোধনী বিল উত্থাপন নোহোৱাত আনন্দত মতলীয়া কৃষক মুক্তিৰ বিষয়-ববীয়া সকলে সমবেত হৈ শ্লোগান দি আনন্দিত হোৱা দেখা যায়। কৃষক মুক্তি জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, চি এ বি সমৰ্থক হুচিয়াৰ, নৰেন্দ্ৰ মোদী বাই বাই, বিজেপি গো বেক, বিজেপি বাই বাই, হিমন্ত বিশ্ব মূর্দাবাদ, হিমন্ত বিশ্ব বাই বাই, বিজেপি বাই বাই, শিলাদিত্য বাই বাই, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, লৰাৰজা হুচিয়াৰ আদি শ্লোগান দিয়ে। ভৱিষ্যতে অসমৰ ৰাইজৰ স্বাৰ্থত আঘাত হানিব পৰা কাম যাতে কোনোৱে নকৰে তাৰ বাবেও কৃষক মুক্তিৰ বিষয়-ববীয়াই সকীয়াই দিয়ে।