তামুলপুৰ, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বুধবাৰে চিচিটিঅই আহ্বান জনোৱা ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তামুলপুৰ মহকুমাত সৰ্বাত্মক প্ৰভাব পৰিলক্ষিত হয়। বন্ধৰ সময়চোৱাত তামুলপুৰৰ দিঘিলীপাৰত বন্ধ সমৰ্থকৰ ১২চকীয়া ট্ৰাকলৈ (পি বি ২৩ টি ২৭০৯) এখনলৈ  শিলা বৰ্ষন কৰাত নিয়ন্ত্ৰন হেৰুৱাই দূৰ্ঘটনাত পতিত হৈ ৰঙিয়া-ভূটান ঘাই পথৰ পৰা ট্ৰাকখনে দলংত খুন্দিয়াই ওলমি ৰয় ৷ কথমপি প্ৰাণৰক্ষা ট্ৰাক চালকসহ সহযোগীৰ ৷ গুৱাহাটীৰ পৰা ভূটান অভিমুখে আহিছিল ট্ৰাকখন ৷ বাইকত অহা বন্ধ সমৰ্থকে শিল গুটি মাৰি পলাই যায় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে তামুলপুৰ আৰক্ষী উপস্থিত হৈ ট্ৰাকখনৰ চালকসহ সহযোগীক উদ্ধাৰ কৰে ৷ শিলগুটী নিক্ষেপ কৰাৰ ফলত ট্ৰাক খনৰ চালকজন কিছু পৰিমানে আহত হয়। অসম বন্ধ সময়ছোৱাত তামুলপুৰৰ কুমাৰীকাটা, দ্বাৰকুছি কালাকুছি, ডিমলাপাৰ, পুৰাণ চক, মটঙা চক বন্ধ হৈ পৰে। বন্ধৰ ফলত দোকান পোহাৰ, সাপ্তাহিক বজাৰ, যানবাহনৰ চলাচল বন্ধ হৈ স্তব্ধ হৈ পৰে জনজীৱন।