তামুলপুৰ, সংবাদ ৩৬৫, ৭ ফেব্ৰুৱাৰী: তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধীনত বাক্সা জিলা কমন চাৰ্ভিচেছ চেন্টাৰৰ সহযোগত বৃহস্পতিবাৰে তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচক ত জনসাধাৰনৰ সুবিধাৰ্থে ই – ষ্টাম্প বিক্ৰী কেন্দ্ৰ এটা মুকলি কৰা হয় ৷ বৃহস্পতিবাৰে ৰাতিপুৱা দহ বজাত জনসাধাৰনৰ চৰকাৰী বেচৰকাৰী কাম কাজ সহজে উপলব্ধ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা ই – ষ্টাম্প বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিৎ বাগলাৰীয়ে ৷ মহকুমাধিপতি গৰাকীয়ে কেন্দ্ৰটো মুকলি কৰি কয় যে এই কেন্দ্ৰটোৰ পৰা যাতে সাধাৰন জনতাই সহজে কাম কাজ সমূহৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি কেন্দ্ৰটোৰ পৰিচালক সকলক আহ্বান জনায় ৷ লগতে কেন্দ্ৰটোৰ জৰিয়তে কাম কাজ কৰোতে জনসাধাৰণে কোনো অহেতুক হাৰশাস্তি খাব নালাগে তাৰ প্ৰতিও চকু দিবলৈ আহ্বান জনায় ৷ এখন সাধাৰন দলিলৰ পৰা আৰম্ভ কৰি ই – ষ্টাম্প বিক্ৰী কেন্দ্ৰটোৱে জনসাধাৰণৰ সেৱাত সকলো ধৰনৰ কাম কাজ সহজে লাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে মহকুমাধিপতি গৰাকীয়ে ৷ বৃহস্পতিবাৰৰ এই কেন্দ্ৰটো মুকলি অনুষ্ঠানত বাক্সা জিলা কমন চাৰ্ভিচেছ চেন্টাৰৰ জিলা পৰিচালক জন বান্দো, বনজিৎ ভূঞা, কনচাল্টটেন্ট বিষয়া মনিমছ কেৰকটা, বাক্সা জিলৰ উকিল সন্থাৰ সভাপতি নৰকান্ত দাস ৷ উপ -সভাপতি সত্যনাথ কলিতা, সহঃ সম্পাদক ৰীতামনি দাস ৷ অধিবক্তা ওমৰ এ চৌধুৰী ই ষ্টাম্প কেন্দ্ৰটোৰ পৰিচালক চৈগৗমচাৰ বসুমতাৰী, স্থানীয় যুবক অনিল বড়ো, অংশুমৈ দৈমাৰী স্থানীয় ব্যৱসায়ী বিশিষ্ট নাগৰিক সকল উপস্থিত আছিল ৷