তেজপুৰ, সংবাদ৩৬৫, ১০মাৰ্চ: শুকুৰবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । নাৰীসকলৰ সন্মান, সুৰক্ষা, সম–অধিকাৰৰ দিন হিচাপে পালন কৰা হয় এই দিনটো। ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই। তাৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। মহিলা সকলৰ সম-অধিকাৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় ৮ মাৰ্চ তাৰিখে। প্ৰথম বাৰৰ বাবে নাৰী দিৱস পালন কৰা হৈছিল ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত। নিউ ইয়ৰ্কত আমেৰিকাৰ চ’ছিয়েলিষ্ট পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে পালন কৰিছল নাৰী দিৱস। সমগ্র দেশৰ লগতে শুক্ৰবাৰে সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে উদযাপন কৰে তেজপুৰত ।

উল্লেখ্য যে তেজপুৰৰ এছেন্ট স্কুল অৱ নাৰ্ছিং ৰ প্ৰেক্ষাগৃহত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিপুল মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নাৰীৰ দিৱসৰ অসমৰ বিভিন্ন স্থানত সমাজৰ হৈ সেৱা আগবঢ়াই অহা ৮ গৰাকী কৈ সমাজ সেৱীকা আৰু মহিলা সাংবাদিকক সম্বৰ্ধনা জনাই সংগঠনৰ তৰফৰ পৰা ।

সাংবাদিক সুৰক্ষা মঞ্চ কেন্দ্ৰীয় সমিতি ভা: প্ৰাপ্ত সাধাৰণ সম্পাদক শ্ৰীমন্ত দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেৰিয়াৰ পৰামৰ্শদাতা তথা জি,আই,এম,টি তেজপুৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁই। বুলজিৎ বুঢ়াগোহাঁইয়ে বৰ্তমান সমাজ ব্যৱস্থা বৰ্তমান নাৰীৰ সম অধিকাৰ তথা ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত শিক্ষা ওপৰত বহলাই বক্তব্য প্ৰদান কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম জাতীয়তাবাদী সন্মিলন সভাপতি ৰাজীৱ দাস। ৰাজীৱ দাসে বৰ্তমান সমাজ খনত চলি থকা নাৰী নিৰ্যাতন ওপৰত বক্তব্য ৰাখে ।

আনহাতে,এইচ এল, ৱাটাৰ ট্ৰিট মেন্ট প্ৰা:লি:সঞ্চালক প্ৰণৱ জ্যোতি শইকীয়াই সভাত বৰ্তমান নাৰীৰ ব্যৱস্থাৰ ওপৰত মন্তব্য ৰাখে ।

ইফালে নাৰী দিৱসৰ লগত সংগতি ৰাখি ৮ গৰাকীকৈ সমাজ সেৱীকা ক্ৰমে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ কৃষ্ণা কেমপ্ৰাই, মহিলা সাংবাদিক সংগীতা শইকীয়া, সাংবাদিক তথা ৰাষ্ট্ৰীয় খেলুৱৈ দীপামনি ডেকা,সমাজ সেৱীকা মানসী চলিহা ডেকা,মানৱ চিকিৎসক ড: জয়শ্ৰী পাঠক, সমাজ সেৱীকা
ড০ জুৰি মনি ডেকা বৰুৱা, উদীয়মান কবি তথা সাহিত্যিক , লতামনি শৰ্মাক সাংবাদিক সুৰক্ষা মঞ্চ তৰফৰ পৰা এখনি ফুলাম গামোচা, শৰাই জাপি লগতে সম্বধনা পত্ৰ প্ৰদান কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সাংবাদিক ৰাণা দ্বীপ দুৱৰা, শিৱসাগৰ সাংবাদিক প্ৰৰাগ বড়া,চিৰাং জিলা লিটন বাসক, তেজপুৰ কনিষ্ঠ সাংবাদিক ধৰিত্ৰী শ্ৰাৱন, বিশ্বনাথ জিলা সাংবাদিক সুৰক্ষা মঞ্চ সাধাৰণ সম্পাদক ভুপেন বৰা, মহেন্দ্ৰ পাগাক, অমলান কাশ্যৱ চাহা, কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি ইমদাদ আলি, কেন্দ্ৰীয় সমিতি সদস্য তথা নগাঁও সাংবাদিক অংশুমান শৰ্মা , অসম খবৰ নিউজ এডিট ধৰিত্ৰী শ্ৰাৱণ, মঙলদৈ বিশ্বৎদেৱ মহন্ত , লগতে অসমৰ বিভিন্ন স্থান পৰা সাংবাদিক সকলে অংশগ্ৰহণ কৰে ।