ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে লক্ষীপথাৰ গাঁৱৰ পৰা (১০ কিলোমিটাৰ) প্ৰতিবাদী সমদল কৰি ডিগবৈ চাৰিআলি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰৰ এই কাৰ্যসূচীৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নৰেন্দ্ৰ মোডীক অন্তিমবাৰলৈ সকীয়নি প্ৰদান কৰে যেঃ- এই জাতিধ্বংসী বিধেয়কখন কোনো মূল্যৰ বিনিময়ত গৃহিত কৰিবলৈ দিয়া নহব। কেইবাশতাধিক প্ৰতিবাদকাৰী পুৰুষ মহিলাই বিভিন্ন শ্লোওগানেৰে ৩৮নং ঘাই পথছোৱা অৱৰোধ কৰি উত্তাল কৰি তোলে পৰিবেশ। আনপিনে কৃষক মুক্তি সংগ্ৰাম সমিতি লক্ষীপথাৰ আঞ্চলিক সমিটিৰ লগতে লক্ষীপথাৰ অঞ্চলৰ স্থানীয় কেইবাটাই দল সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।