গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন বুজা-বুজি ৰাজহুৱা হোৱাৰ প্ৰসংগত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ প্ৰতিক্ৰিয়া।

সংবাদ মাধ্যমৰ আগত মমিনুল আৱালে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটা মিত্ৰজোঁটৰ অংশীদাৰ। দিল্লীতো তেওঁলোকৰ মিত্ৰতা আছে আৰু এতিয়া অসমতো এই মিত্ৰতাই আনুষ্ঠানিক ৰূপ পাইছে। তৰুণ গগৈয়ে পুত্ৰৰ ভৱিষ্যতৰ কাৰণে বদৰুদ্দিন আজমলৰ হাতে-ভৰিয়ে ধৰিছে আৰু এইটো অতি দুৰ্ভাগ্যজনক কথা। এজন অসমীয়া হিচাপে আমি লজ্জাবোধ কৰিছোঁ।

অসমৰ ৰাইজেও কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰত্যক্ষ কৰিছে। আজমলক প্ৰতিহত কৰাৰ স্বাৰ্থতেই কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজে নিশ্চিতভাৱে সিদ্ধান্ত লব কাৰণ কংগ্ৰেছক ভোট দিয়া মানেই বদৰুদ্দিন আজমলক শক্তিশালী কৰা। কংগ্ৰেছ আৰু বদৰুদ্দিন এ আই ইউ ডি এফৰ গেম প্লেন অসমৰ ৰাইজে স্পষ্টভাৱে দেখিছে। গতিকে অসমৰ ৰাইজ অসমৰ খিলঞ্জীয়াৰ লগত আছে। খিলঞ্জীয়া জনসাধাৰণৰ জাতি,মাটি,ভেটি অনাধিকাৰ প্ৰৱেশ কৰা আগ্ৰাসী ভূমিকা গ্ৰহণ কৰা এ আই ইউ ডি এফৰ দৰে শক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থত এ আই ইউ ডি এফ আৰু কংগ্ৰেছক অসমৰ খিলঞ্জীয়া মানুহে পোনচাতেই নাকচ কৰিব।

বদৰুদ্দিন আজমল ধুবুৰীত হৰাটো খাটাং। যি উদ্দেশ্য লৈ তৰুণ গগৈয়ে বদৰুদ্দিন আজমলৰ ভৰিত ধৰিত সষ্টাংগ প্ৰণিপাত কৰিছে সেই উদ্দেশ্যে গৌৰৱ গগৈ। গৌৰৱ গগৈক কলিয়াবৰৰ পৰা জিকোৱা। তৰুণ গগৈৰ এই সপোন কেতিয়াও বাস্তৱ নহয়। গৌৰৱ গগৈ কলিয়াবৰত হৰাটো এশ শতাংশই খাটাং।