গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : অসম ৰাজ্যিক চিৰিয়াখানাৰ অৱশিষ্ট জন্তুবোৰক আন ঠাইলৈ স্থানান্তৰ কৰি চিৰিয়াখানাৰ বিশাল ভূ খণ্ড বহিৰাগত বণিয়াক প্ৰদান কৰিবলৈ চৰকাৰে চলাই থকা কু-অভিসন্ধি ব্যৰ্থ কৰিবলৈ সোমবাৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সহযোগী দল,সংগঠন আৰু সচেতন নাগৰিকৰ এখন যৌথ সভা অনুষ্ঠিত হয়।

উক্ত সভাত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশিষ্ট পাঞ্জা খেলুৱৈ তথা স্বৰ্ণ পদক বিজয়ী ৰাজকুমাৰ দাসে মঞ্চই চলাই থকা সংগ্ৰামত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজকুমাৰ দাসে জাতীয় সম্পদবিধ ৰক্ষাৰ স্বাৰ্থত সকলো খেলুৱৈক ওলাই আহিবলৈ আহ্বান জনায়।

সভাত উপস্থিত থকা সকলোৱে চিৰিয়াখানা ৰক্ষাৰ সংগ্ৰাম গণমুখী কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে ।

আনহাতে সভাত বৰ্তমানৰ ডি এফ অ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চোৰাং চিকাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা বুলিও উক্ত সভাত মত প্ৰকাশ কৰা হয়।