সোণতলী, ২২ ডিচেম্বৰঃ বাল্য বিবাহ বৰ্তমান ৰাজ্যখনত এক সামাজিক ব্যাধি হিচাবে পৰিগনিত হৈছে আৰু সংখ্যালঘু প্ৰধান অঞ্চলসমূহত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে বাল্য বিবাহৰ দৰে জঘন্য ঘটনা ৷ বিশেষকৈ কামৰূপ জিলাৰ সোণতলীত ক্ৰমান্নয়ে ভয়াৱহ হাৰত বৃদ্ধি পাবলৈ ধৰিছে বাল্য বিবাহ৷ এনে এক বাল্য বিবাহৰ ঘটনা পোহৰলৈ আহিছে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণগাঁৱৰ পৰা৷ অাইনৰ বাধা নিশেধক কেৰেপ নকৰি দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পাথালীপাৰা গাঁৱৰ মহিবুল হক নামৰ যুৱক এজনৰ সৈতে পুৰাণগাঁৱৰ পাছান আলীৰ নাবালিকা কন্যা তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত পাৰবিনা আহমেদ নামৰ ছাত্ৰী এগৰাকীৰ সৈতে দুয়োপক্ষৰ অভিভাৱকে একাংশ দেৱানী মাতাব্বৰ সহযোগত অতি গোপনে বিয়াৰ আয়োজন কৰে ৷ ঘটনা সম্পৰ্কে সমাজ সচেতন লোক এজনে বকো চাইল্ড লাইনক অৱগত কৰোৱাৰ বকো চাইল্ড লাইনৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বৃহস্পতিবাৰে সন্ধিয়া স্থানীয় গাওঁবুঢ়া তথা একাংশ সমাজ সচেতন ব্যাক্তিৰ সহযোগত সামাজিক ব্যধি স্বৰূপ বাল্যবিবাহ খন বন্ধ কৰে৷ প্ৰায় পোন্ধৰ বছৰীয়া কিশোৰী তথা নৱম শ্ৰেনীৰ ছাত্ৰী গৰাকীক বকো চাইল্ড লাইনৰ কৰ্মীয়ে বাল্য বিবাহৰ কৱলৰ পৰা উদ্ধাৰ কৰি পৰিয়ালৰ লোকক ছমজাই দিয়ে । বাল্য বিবাহৰ দৰে জঘন্য ঘটনাৰ ক্ষেত্ৰত সহায় সহযোগ কৰা লোকসকলক স্থানীয় ৰাইজে গৰিহনা দিয়াৰ বিপৰিতে চাইল্ড লাইলৰ কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ(মেট্ৰ)ৰ দণ্ডাধিশ সঞ্জীৱ কুমাৰ চৌধুৰী আৰু অধিবক্তা ৰহমত উল্লাহ আহমেদে পাছান আলীৰ কিশোৰী কন্যাৰ বিয়াৰ ক্ষেত্ৰত সহায় সহযোগ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ লগতে দণ্ডাদীশ আৰু আধুবক্তাৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়। কোনো তথ্য প্ৰমান অবিহনে কিহৰ স্বাৰ্থত দণ্ডাদিশ সঞ্জীৱ কুমাৰ চৌধুৰী তথা অধিবক্তা ৰহমত উল্লাহ আহমেদে ১৫ বছৰীয়া কিশোৰী ছাত্ৰী এগৰাকীক ১৮ বছৰীয়া যুৱতী সজাই বিয়াৰ এফিডেভিট প্ৰস্তুত কৰিব পাৰে? সচেতন মহলৰ বাবে এয়া এক অবুজ সাথৰ হৈ পৰিছে ৷