গোলাঘাট, ২২ ডিচেম্বৰঃ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত ফলঙনি আৰ্দশ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম সংখ্যক প্ৰাচীৰ প্ৰত্ৰিকা বৃহস্পতিবাৰে উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ছাত্র ছাত্রীসকলৰ শৈক্ষিক দিশ বিকাশৰ লক্ষ্যৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেবেন গগৈৰ নেতৃত্বত এই পদক্ষেপ হাতত লোৱা হয়। বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী “ফেহুঁজালি”ৰ নামেৰেই প্ৰথম সংখ্যক প্ৰাচীৰ প্ৰত্ৰিকাখনৰ নামাকৰণ কৰা হয়। ফেহুঁজালিৰ দ্বাৰা বিদ্যালয়খনত অধ্যয়ন কৰা শিশুসকলৰ বৌদ্ধিক বিকাশৰ এক প্ৰয়াস কৰা হৈছে বুলি প্ৰধান শিক্ষক গৰাকীয়ে অৱগত কৰে। প্ৰাচীৰ প্ৰত্ৰিকা খনত বিভিন্ন লিখনি প্ৰকাশ পোৱাত বিদ্যালয়খনৰ শিশুসকল উৎফোল্লিত হৈ পৰে। প্ৰায় এক শতাধিক লোক তথা ছাত্ৰ,ছাত্ৰীসকলৰ উপস্থিতিত ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা জুনু দেৱীয়ে প্ৰাচীৰ প্ৰতিকাখন উন্মোচন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিতুল শইকীয়া। ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বুবুল শইকীয়া, বিদ্যাধৰ শইকীয়া, তৰুণ দত্তৰ লগতে মাতৃ গোটৰ সদস্যাসকলো উপস্থিত থাকে অনুষ্ঠানটোত।