দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : দক্ষিণ শালমাৰাৰ ফাঁকিৰগঞ্জত অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটা পৰিয়ালৰ ৭ টা ঘৰ ভস্মীভূত হোৱাৰ লগতে প্ৰায় বিশ লক্ষাধিক টকাৰ ক্ষতি সাধন ।

উল্লেখ্য যে শুকুৰবাৰে পুৱা প্ৰায় দহ বজাত হাজী বাহেজ উদ্দীনৰ পাক ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। চিলিণ্ডাৰত পাক কৰি থকা অৱস্থাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এইদৰে জুই লাগি নিমিষতে দুটা পৰিয়ালৰ সাতটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ইফালে এই অগ্নিকাণ্ডত আব্দুৰ ৰহমানৰ ৫ টা ঘৰ সহ প্ৰায় ৯ লক্ষাধিক টকাৰ ক্ষতি হয় আৰু হাজী বাহেজ উদ্দীনৰ দুটা ঘৰ প্ৰায় ১০০ কুইণ্টল সৰিয়হসহ ১১ লক্ষাধিক টকাৰ ক্ষতি হয় ।

অঞ্চলটোত অগ্নি নিৰ্বাপনৰ বাবে কোনো ব্যৱস্থা নাই যদিও স্থানীয় ৰাইজে নিজস্ব প্ৰচেষ্টাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

এই অগ্নিকাণ্ডই দুয়োটা পৰিয়ালক গৃহহীন কৰাৰ লগতে নিজৰ মাটি, এন আৰ চি সহ যাবতীয় সকলো নথি পত্ৰ ভস্মীভূত হৈ যায়।