দক্ষিণ শালমাৰা
১১ জুন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বন্ধিহানাত শুকুৰবাৰে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অভিযান চলাই নাওঁ ভৰ্তি সমবায় সমিতিৰ চোৰাং চাউল জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত নাওঁযোগে অভিযান চলাই নাওঁ ভৰ্তি চোৰাং চাউল জব্দ কৰে।

পুৱা প্ৰায় ৭ বজাত আৰক্ষীয়ে নদীৰ মাজত চাউল ভৰ্তি এখন যন্ত্ৰ চালিত নাওঁ আহি থকা প্ৰত্যক্ষ কৰে। আৰক্ষীৰ নাওঁখন চাউল ভৰ্তি নাওঁখনৰ কাষ চাপিবলৈ ধৰাত চাউল ভৰ্তি নাওঁখনত থকা তিনি জন চাউল সৰবৰাহকাৰী ব্ৰহ্মপুত্ৰ নদীৰ মাজতেই চাউল ভৰ্তি নাওঁখন ফুটা কৰি নদীত জাপ দি পলায়ন কৰে। আৰক্ষীৰ দলটোৱে নদীৰ মাজত ডুবি যাবলৈ ধৰা নাওঁখন উদ্ধাৰ কৰি নাওঁখনৰ পৰা চাউলৰ কিছু বস্তা কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বহু চাউলৰ বস্তা পানীত ডুবি যায়।

আৰক্ষীয়ে ইতিমধ্যে চোৰাং চাউল নি থকা নাওঁখন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰা কৰা চাউলৰ বস্তাখিনি আৰক্ষী চকীলৈ আনি জমা কৰে। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে সমবায় সমিতিৰ চোৰাং চাউলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। চাউলৰ বস্তাখিনি কৰা পৰা অনা হৈছে এই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও চাউলৰ বস্তাখিনি সমবায় সমিতিৰ বুলি আৰক্ষীয়ে প্ৰায় নিশ্চিত হৈছে বুলি জানিব পৰা গৈছে।

জিলাখনৰ বিভিন্ন প্ৰান্তত এটা দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল চোৰাংভাৱে বিক্ৰী কৰি আহিছে। সমবায় সমিতিৰ হিতাধিকাৰীক পাঁচ কেজিৰ পৰিবৰ্তে ৪ ৰ পৰা ৪.৫০ কেজি চাউল যোগান দি লাখ লাখ কুইণ্টল চাউল সমবায় সমিতি সমূহে হৰলুকি কৰি আহিছে। এই ক্ষেত্ৰত জব্দ কৰা চাউলৰ বস্তাখিনিৰ বিৰুদ্ধে বন্দিহানা আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে লক্ষ্যণীয় হ’ব।