দৰঙ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে দৰঙ জিলাৰ খকজানী দৰবাৰ শ্বৰীফত ধৰ্মীয় সভা। জিলাখনৰ অন্তৰ্গত খকজানীস্থিত শ্বাহ ছুফি ছৈয়দ আব্দুল গণি খলিফা চাহাবৰ দৰবাৰত আয়োজন কৰা হৈছে এই ধৰ্মীয় সভা। দৰবাৰ শ্বৰীফৰ চাৰিওফালে ফুলৰ মালাৰে জাক জমকাৰে সজাই পৰাই তুলিছে দৰবাৰ শ্বৰীফৰ পৰিচালনা সমিতিয়ে। প্ৰচণ্ড শীতকো নেউচি ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহিছে বিভিন্ন ধৰ্মৰ ভক্তবৃন্দ। সভাৰ কাৰ্যসূচী মতে শুকুৰবাৰে জুম্মাৰ নামাজৰ পিচৰ পৰাই জিকিৰ মেহফিলৰ লগতে সভাৰ পৰম্পৰা অনুযায়ী ধৰ্মীয় পতাকা উত্তোলন কৰে খলিফা আক্ৰাম হুছেইন চাহাবে। সভাখনত দুৰদুৰণীৰ পৰা অহা ভক্ত বৃন্দই একেলগ হৈ জিকিৰ, মেহফিল,কোৰাণ তিলাওৱাতকে আদি কৰি দেওবাৰে মাজনিশা ১ বজালৈ চলিব ধৰ্মীয় ওৱাজ নছিহত । উক্ত ধৰ্মীয় সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে দৰবাৰৰ গাদ্দিনিশীন খলিফা আক্ৰাম হুছেইন চাহাবে। জাতি ধৰ্ম নিৰ্বিশেষে বিশ্ববাসীৰ শান্তিৰ কামনাৰ্থে দেওবাৰে আখেৰি মোনাজাত কৰা হব বুলি জানিবলৈ দিয়ে সভাৰ পৰিচালনা সমিতিয়ে।