ওদালগুৰি, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ দিনতো আমাৰ সমাজত জাতি-ধৰ্মৰ ভেদা-ভেদ আছে। জাতি-ধৰ্মৰ ভেদা-ভেদৰ বাবেই একাংশ লোকে এচামক নিৰ্যাতন চলাই গৈছে অথবা সমাজৰ এলাগী হৈ চলিব লগীয়া হৈছে। তাৰেই এক পুনৰাবৃত্তি ৰূপ পৰিলক্ষিত হ’ল ওদালগুৰি জিলাৰ কলাইগাঁৱ থানাৰ অন্তৰ্গত ২নং কলাই গাঁৱত। উক্ত গাঁৱৰ পদুমী শইকীয়া নামৰ বিধৱা মহিলা গৰাকীৰ ওপৰত চলোৱা হ’ল চৰম মানসিক নিৰ্যাতন। মহিলা গৰাকীৰ অপৰাধ মাত্ৰ নিজৰ ছোৱালীৰ ঘৰত নিশা থাকি ভাত খোৱাৰ বাবেই। দুৰ্ভগীয়া পদুমীৰ ডাঙৰ ছোৱালীজনী এজন মুছলমান যুৱকৰ সৈতে বিয়াত বহিছে। মুছলমান সপ্ৰদায়ৰ ঘৰলৈ গৈ বিয়া হোৱা ছোৱালী ঘৰত ৰাতি থকা আৰু খোৱাৰ বাবে এঘৰীয়া কৰিলে বিধবা মহিলাগৰাকীক। যাৰফলত পুৰোহিত মাতি প্ৰায়চিত্ত কৰাৰ লগতে দুখন সমাজে ২০০০ টকাকৈ জৰিমনা ভৰাই বিধবা মহিলাগৰাকীক। আনকি ঘৰলৈ মাতি আনি আনি দুখন সমাজৰ লোকক চাহ মিঠাইৰ লগতে দুটাকৈ খাহী ছাগলী মাৰি ভোজ ভাত খুৱাবলগীয়া পৰিস্থিতি কৰায়। দুৰ্ভাগ্যজনকভাবে চুবুৰীটোত থকা মন্দিৰটোৰ দুৱাৰ বন্ধ কৰি দিয়া হল মহিলা গৰাকীৰ বাবে। মহিলা গৰাকীৰ অভিযোগ তেওঁ চাকি বন্তি দিয়াৰ বাবে মন্দিৰটোত শুদ্ধিকৰন কৰাৰ বাবে পূজা অচৰ্না চলাই ৰাইজে। এই ঘটনাত মানসিকভাবে ভাঙি পৰিছে মহিলা গৰাকী। পদুমী শকীয়াৰ প্ৰথম কন্য অলকা শকীয়াই চিকিৎসাজনিত কাৰণতে মাকক কলাইগাৱৰ পৰা লৈ গৈছিল গুৱাহাটীৰ নিজ গৃহলৈ। কিয়নো মাক পদুমী শকীয়াৰ হাত ভাঙিছিল । তাৰ চিকিৎসাৰ বাবে মাক গৈছিল ছোৱালীৰ ঘৰত। সভ্য সমাজৰ এনে ঘটনাই সমগ্ৰ জিলা খনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাবে গৰিহনা দিয়াৰ লগতে প্ৰশাসনে নিজাববিয়াকৈ গোচৰ ৰুজু কৰি সভ্য সমাজক লৈজ্জানত কৰা এনে ব্যক্তি সকলৰ ওপৰত উচিত শাস্তি বিহিবলৈ দাবী জনাই ।