হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২৬ অক্টোবৰ: স্বাধীনতাৰ ৭২ বছৰ পিছতো পকী দলঙৰ মুখ দেখা নাই দ:শালমাৰা অঞ্চলবাসী ৰাইজে। এদিনত প্ৰায় ২ লক্ষাধিক মানুহে যাতায়ত কৰা ৫০০ মিটাৰ দীঘল কাঠৰ দলংখনৰ প্ৰতি চকু নপৰিল জনপ্ৰতিনিধি তথা চৰকাৰৰ। উল্লেখ্য যে ২০১৫ চনত ছি এম ইছপেছিয়াল পেকেজৰ পৰা হাইটেক কোম্পানীয়ে প্ৰায় ২০ কোটি টকা ঠিকা লাভ কৰিছে যদিও আজিলৈকে কাম আৰম্ভ নকৰাত শুকুৰবাৰে পুৱা ১০ বজাত দ:শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেগ, জনপ্ৰতিনিধি মুৰ্দাবাদ, হাইটেক কোম্পানী মূৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে সুদীৰ্ঘ ৭২ বছৰ ধৰি যাতায়ত কৰা ভঙা কাঠৰ দলংখনৰ প্ৰতি চকু নপৰা দ:শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আবন্টন ধনৰ তদন্ত কৰি অনতিপলমে দলং পকীকৰণৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায় দ:শালমাৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। মন কৰিবলগীয়া কথা যে জৰাজীৰ্ণ কাঠৰ দলংখনত বহুতো যাতায়ত কাৰী ইতিমধ্যে হাত ভৰি ভাঙি চিকিৎসা হব লগা হৈছে । চৰকাৰে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব।