নাৰায়ণপুৰ, সংবাদ ৩৬৫, ২৬ অক্টোবৰ: ঐতিহাসিক নাৰায়ণপুৰ শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা ভকতৰ। সত্ৰখনত কাহানিও নঘটা ঘটনা সংঘটিত হোৱাত নাৰায়ণপুৰৰ লগতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰায় ৭বছৰ মানৰ আগতে ধেমাজিৰ পাচ আলিৰ পৰা দেৱজিৎ বৰুৱা নামৰ ১৪ বছৰীয়া ভকতজনে ঐতিহাসিক সত্ৰখনলৈ ভকত হিচাপে আহি সত্ৰ খনত জৰিত হৈ থকা উপৰিও নাৰায়নপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰ ভকতজনে শুকুৰবাৰে আত্মহত্যা কৰে। উল্লেখ্য যে বিভিন্ন সময়ত ডেকা সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ মহন্তৰ লগত সতীৰ্থ সকলে কৰি অহা আতিসহ্যৰ সীমা পাৰ হোৱাৰ ফলতেই এনে অঘটন সংঘটিত হোৱা বুলি সত্ৰৰ ভকতে প্ৰকাশ কৰিছে । জানিব পৰা মতে বৰ্তমান ঐতিহাসিক সত্ৰ খনৰ ডেকা সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ মহন্তই ভকত দেৱজিৎ বৰুৱাৰ ওপৰত চলাই অহা মই- মতালীৰ বাবেই এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ তুলিছে ভকত সকলে । মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মনিকাঞ্চন সংযোগ হোৱা বুলি জনশ্ৰুতি অনুসৰি প্ৰবাদ থকা সত্ৰখনৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।