লংকা, ২২ এপ্ৰিলঃ চৰকাৰী নিৰ্দেশনাক বৃদ্ধাগুষ্ঠ প্ৰদৰ্শন কৰি লংকা জিলাৰ পঞ্চায়ত বিভাগৰ কৰ্মচাৰীসকলে কৰ্তব্য পালনত চূড়ান্ত হেমাহি কৰা পৰিলক্ষিত হৈছে৷ হোজাই জিলাৰ উদালি গাঁও পঞ্চায়তত দিনৰ ১২ বজালৈ বন্ধ থাকে পঞ্চায়ত কাৰ্যালয়৷ ৰাজ্য চৰকাৰে চৰকাৰী কর্মচাৰীক দিনৰ ১০ বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ কঠোৰ নিৰ্দেশনা দিছিল যদিও উদালি গাঁও পঞ্চায়ত বৰ্তমানলৈ বাস্তৱত কাৰ্যকৰী হোৱা নাই এই চৰকাৰী নিৰ্দেশনা৷ লংকা বিভিন্ন স্থানৰ পৰা পঞ্চায়ত কাৰ্যালয়লৈ ভিন্ন কামত অহা লোকসকলে ইয়াৰ দুৰ্ভোগ ভোগিবলগীয়া হৈছে৷ ঘন্টাৰ পিছত ঘন্টা অফিচ খোলালৈ আপেক্ষাত থাকি দূৰ-বৰ্তীয়া লোকসকলে কাম সম্পূৰ্ণ নকৰাকৈ ঘূৰি যাবলগীয়া হয়৷ কোনো লোকে অভিযোগ কৰিলেও পঞ্চায়ত কৰ্মীসকলৰ দাম্ভিকতা আচৰণত নিশ্চুপ থাকিবলগীয়া হয়৷  হোজাই জিলাৰ উদালি গাঁও পঞ্চায়ত বিষয়া-কৰ্মচাৰীৰ দাম্ভিক আচৰণৰ বিৰুদ্ধে চৰকাৰে কি পদক্ষেপ লয়, সেয়া লক্ষনীয় বিষয়৷