জোনমণি বেগম

বিশ্বনাথ

৯ জুন

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ ফলত বিশ্বনাথৰ দিৰিং নৈৰ জলস্থৰ বৃদ্ধি পাইছে। ইতিমধ্যে দিৰিং নৈৰ বাঢ়নী পানীয়ে বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। বহু লোকৰ ঘৰ-দুৱাৰ এতিয়া পানীৰ তলত ডুব গৈছে। ঘৰ-দুৱাৰ পানীত ডুব যোৱা বহু লোকে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।

এফালে সমগ্ৰ দেশৰ লগতে ৰাজ্যত মাৰাত্মক ক’ভিডৰ আতংক আৰু আনফালে ভূতৰ ওপৰত দানৱ পৰা দি ৰাজ্যত তাণ্ডৱ চলাইছে বানপানী। যোৱা কিছুদিন ধৰি ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূবত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। বিশেষকৈ উত্তৰ অসমৰ লখিমপুৰ আৰু বিশ্বনাথ জিলাত জটিল ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে।

বিশ্বনাথ জিলাৰ উত্তৰ বৰপথাৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত এই অঞ্চলত ফেনে ফুটুকাই বৃদ্ধি পাইছে বানৰ পানী। নিশাৰ ভিতৰতে অঞ্চলটো সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লগতে বৰপথাৰ আৰু মাজুলীগড়ৰ সংযোগী পথটোও উটুয়াই পেলাইছে বানপানীয়ে।

ইতিমধ্যে অঞ্চলটোত বহু লোকৰ ঘৰ বানপানীত ডুব গৈছে। নিশাৰ ভাগত অঞ্চলটোত প্লাবিত হৈ পৰাত বহু লোকে নিজৰ ঘৰ-দুৱাৰ এৰি নিশাই নিৰাপদ স্থান বিচাৰি ঢাপলি মেলা পৰিলক্ষিত হয়। নিশাটোৰ ভিতৰতে বানে সন্ত্ৰাস চলোৱাৰ ফলত অঞ্চলটোৰ লোক সকলে তীব্ৰ খাদ্য সংকটত পৰিছে বুলিও জানিব পৰা গৈছে।

বিশ্বনাথ জিলা প্ৰশাসনে বানপানীৰ কবলত পৰা লোক সকলৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ক’ভিডৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে বানপানীৰ তাণ্ডৱে সৰ্বসাধাৰণ ৰাইজক অধিক বিপদত পেলাইছে।