ধুবুৰী, সংবাদ ৩৬৫, ৪ জানুৱাৰী : ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাহামায়া চৰত আৰক্ষীৰ গুলীত নুৰুজ্জামাল শ্বেখ নামৰ এগৰাকী যুৱক নিহত হয় । আনহাতে তিনি গৰাকীকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত কেইগৰাকীৰ নাম ক্ৰমে পাহচান আলী, আলম আলী আৰু দুলাল শ্বেখ।
চোৰাং গৰু বেপাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত গুলীয়া গুলি হয় যাৰ ফলত আৰক্ষীৰ গুলীত নিহত হয় নুৰুজ্জামাল শ্বেখ । বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ বিৰূদ্ধে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাইছিল নিশা ১২ মান বজাত। গুলিচালনাত গাঁওবাসী ক্ষুব্ধ হৈ আটক কৰি ৰাখে আৰক্ষীৰ দলটোক।
ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ দলটোক উদ্ধাৰৰ বাবে উপস্থিত হৈ বি এছ এফে মাহামায়া চৰৰ আব্দুল বাতেন চৰকাৰৰ ঘৰত নিৰাপদে ৰাখে ।
পাছত পুৱতি নিশা দক্ষিণ শালমাৰা আৰক্ষীৰ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলটোক উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
ইফালে আৰক্ষীৰ গুলীত আহত তিনিগৰাকী যুৱক ধুবুৰী অসামৰিক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে।