নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জানুৱাৰী : মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দুৰ্ঘটনাগ্ৰস্ত । যোৰহাটত দুৰ্ঘটনাত পতিত হয় বিধায়ক গৰাকী। মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বিধায়কগৰাকী।

যোৰহাট অভিমুখী এখন ৱাগ’নাৰৰ লগত বিধায়কগৰাকীৰ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বিধায়কগৰাকী।

দুৰ্ঘটনাৰ সময়ত বিধায়কগৰাকীৰ লগত আছিল দুজন দেহৰক্ষী । দেহৰক্ষী দুজনো আঘাতপ্ৰাপ্ত হয় দুৰ্ঘটনাটোত।দুৰ্ঘটনাৰ ফলত বিধায়কগৰাকীৰ ভৰি আঘাতপ্ৰাপ্ত হয় ৷ সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন তিনিওগৰাকী।

চি এল পি বৈঠকত অংশ ল’বলৈ অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকী।