গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীয়ে শেহতীয়াকৈ দুটা অতি জটিল তথা বিৰল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। কিছু জটিল ৰোগৰ চিকিৎসাৰ অংশ হিচাপে সম্পন্ন কৰা হৈছে এই অস্ত্ৰোপচাৰ। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ এক অভিজ্ঞ চিকিৎসকৰ দলে সম্পন্ন কৰে এই অস্ত্ৰোপচাৰ। এনেধৰণৰ জটিল তথা বিৰল অস্ত্ৰোপচাৰ সম্পাদন কৰাৰ যোগেদি গুৱাহাটীৰ উক্ত চিকিৎসালয়খন যে ইতিমধ্যেই মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানেৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সেৱা উপলব্ধ কৰাব পাৰে সেয়া নিশ্চিত কৰিলে। উল্লেখ্য যে অসমৰেই উৎপল বৰ্মন নামৰ এগৰাকী ৩৪ বছৰীয়া লোক স্বয়ং-ৰোগপ্ৰতিৰোধ ক্ষমতাহীনতাত ভুগি আছিল, তাৰ লগতে তেওঁৰ শৰীৰত আছিল থাইমাছ গ্লেণ্ড (মাইএষ্ঠেনিয়া গ্ৰেভিজ), যাৰ ফলত শৰীৰৰ মাংসপেসীবোৰ ক্ৰমাৎ অতি দুৰ্বল হৈ পৰিছিল লোকজনৰ। ইয়াৰ উপৰিও থায়ৰয়ড গ্লেণ্ডৰ সমস্যাতো ভুগি আছিল ৰোগীগৰাকী। প্ৰথমাৱস্থাত শৰীৰ পৰা বিষময় উপসৰ্গবোৰ আঁতৰাবৰ বাবে হাস্পতালখনৰ নিউৰ’ল’জী বিভাগৰ বিশেষজ্ঞ ডা. পীয়ুষ দাস, এণ্ডোক্ৰাইন ছাৰ্জন ডা. সুনীল মল্ল বুজৰবৰুৱাই চিকিৎসা আৰম্ভ কৰে, ইয়াৰ পিছতেই ৰোগীগৰাকীৰ থায়ৰয়ড গ্ৰন্থি আৰু থাইমাছ গ্ৰন্থিৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰে এণ্ডোক্ৰাইন ছাৰ্জন ডা. সুনীল মল্ল বুজৰবৰুৱা আৰু কাৰ্ডিঅ’থ’ৰেছিছ ছাৰ্জন ডা. ৰাজনীশ দুৱৰাই। এই সমগ্ৰ ঘটনাটোতেই প্ৰয়োজন হৈছিল অতি সূক্ষ্ম এনাষ্ঠেটিক ব্যৱস্থাপনা, কিয়নো ইয়াত সম্পন্ন কৰা হৈছিল দুটাকৈ অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ক্ৰমে ডা: ইমদাদুল হুছেইন, ডা:ধীমান হাজৰিকা আৰু ডা: কুনাল আগৰৱালে। উল্লেখ্য যে এইধৰণৰ থায়ৰয়ড আৰু বুকুৰ হাড় পিছলি যোৱাৰ দৰে সংকটপূৰ্ণ ঘটনাৰ চিকিৎসা প্ৰক্ৰিয়া ভাৰততেই বিৰল। ইফালে, আন এক ঘটনাত অসমৰেই আন এগৰাকী ৰোগীৰো জটিল চিকিৎসা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে নাৰায়ণা হৃদয়ালয় গুৱাহাটীত। খগেন ৰাজবংশী নামৰ প্ৰায় ৫৭ বছৰীয়া ৰোগীগৰাকীৰ ‘একিউট ৰেনেল ফেইলিঅ’ৰৰ লগতে ফেটেল ভাস্কুলাৰ ৰোগৰ চিকিৎসা প্ৰদান কৰা হৈছিল চিকিৎসালয়খনত। ৰোগীগৰাকীৰ পৰিস্থিতি তেনেই সংকটজনক আছিল। বাওঁভৰিখনত হোৱা দীপ ভেইন থ্ৰোম্বোছিছত আক্ৰান্ত হৈছিল লোকগৰাকী। চিকিৎসালয়খনৰ অভিজ্ঞ নেফ্ৰ’ল’জিষ্ট ডা: শশাংক গুপ্তাৰ অধীনত তেওঁৰ সম্পূৰ্ণ ডায়েলাইছিছ কৰা হৈছিল। উল্লেখ্য যে ডি ভি টি ব্যৱস্থাপনা কৰা হয় পাতল ৰক্ত কণিকাৰ দ্বাৰা। পিছে থ্ৰোম্বোছিছৰ অত্যধিক অগ্ৰগতিৰ বাবে ৰোগীগৰাকীক আই ভি চি ফিল্টাৰ সংৰোপন কৰা হয়। এই জটিল কাৰ্য সম্পাদন কৰে নাৰায়ণা হস্পিতালে।