বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ থলুৱা লোকবাদ্য, সত্ৰীয়া বিভিন্ন শিল্প ভাস্কৰ্য্য আৰু চহা জীৱনৰ ক্ৰমাৎ হেৰাই যাব ধৰা আহিলা সমূহৰ সংৰক্ষণ আৰু পুনৰ সঞ্জীৱনৰ লক্ষ্যৰে ২০১৬ চনৰ ১৭ জানুৱাৰীত জন্মলাভ কৰা ‘ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়’ৰ বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ সমীপত শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া, শিক্ষক, শিল্পী ৰাজীৱ কুমাৰ মহন্তৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়’ৰ প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰে প্ৰাক্তন শিক্ষক প্ৰফুল্ল কলিতা আৰু বটদ্রৱা থানৰ আইমাতৃ সকলৰ নামগোৱানী তৰুলতা মহন্তই। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে শিল্পী হৰিনাৰায়ণ কোঁৱৰে। নিতুমণি গোস্বামীয়ে আঁত ধৰা সভাখনিত ‘ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়’ৰ বিগত বৰ্ষৰ খতিয়ান আৰু কাৰ্য্যপন্থাৰ বিষয়ে বিবৰন আগবঢ়াই শিল্পী ৰাজীৱ কুমাৰ মহন্তই। বৰগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সঙ্গীত আৰু দীপালী বৰঠাকুৰৰ গীতৰ সমাহাৰেৰে অনুষ্ঠিত মনোমোহা অনুষ্ঠানটিত সাংবাদিক দিব্যজ্যোতি বৰুৱা, মিত্ৰদেৱ মহন্ত, বুলু বৰুৱা, মঞ্জুলা কলিতা, মুন ভূঞা, বাবুল অধিকাৰী, জ্যোতিস্মান মহন্তকে প্ৰমুখ্য কৰি কেইবাগৰাকী লোকে ভাষন প্ৰদান কৰে।