বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: বাইহাটা চাৰিআলিৰ কমলপুৰত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰ বেগী এ এছ০১ এইচ চি৪৬২৪ নম্বৰৰ বলেৰো এখনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাত ৰখাই থোৱা এ এছ-০১-ই চি-৯৪৬৩ নম্বৰৰ ট্ৰাক এখত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বহু সময় ধৰি পিক আপ ভেন খনৰ চালক জন গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ আছিল। পাছত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে পিক আপ ভেন খন ঠেলি ঠেলি উলিয়াই চালকজনক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি স্থানীয় কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰন কৰে ।