সাজিদূৰ ৰহমান

গুৱাহাটী
২৭ জুন

মহানগৰীৰ ঐতিহাসিক দীঘলীপুখুৰীত কেইবাশ মাছৰ মৃত্যু। দীঘলীপুখুৰীৰ বুকুৰ চাৰিওফালে ফালে কেৱল মাত্ৰ মৃত মাছ ভাঁহি থকা দেখিবলৈ পোৱা যায়। প্ৰশাসনৰ লোকে নাওঁ লৈ দীঘলীপুখুৰীৰ বুকুৰ পৰা উদ্ধাৰ কৰে মৃত মাছ সমূহ। নাওঁ ভৰ্তি মৃত মাছ পুখুৰীৰ বুকুৰ পৰা উঠাই আনে প্ৰশাসনৰ লোকে। প্ৰদূষিত দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত মাছৰ এই অস্বাভাৱিক মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে মীন বিভাগে।

ক’ভিড মহামাৰীৰ প্ৰথমটো ঢৌৰ বাবে যোৱা বছৰ লকডাউনৰ সময়ত দীঘলীপুখুৰীৰ বুকুত আহিছিল জাকে জাকে শৰালি হাঁহ। শৰালি হাঁহৰ জাক প্ৰথমবাৰৰ বাবে দীঘলীপুখুৰীৰ বুকুত আহি আশ্ৰয় লোৱাত আপ্লুত হৈ পৰিছিল সেই সময়ত এই দৃশ্য প্ৰত্যক্ষ কৰা লোক সকল। এইবাৰ ক’ভিডৰ দ্বিতীয়টো ঢৌৰ বাবে অৰ্ধ লকডাউনৰ এই সময়ছোৱাত একেখন দীঘলীপুখুৰীত দেখিবলৈ পোৱা গৈছে বিপৰীত দৃশ্য। এইবাৰ দীঘলীপুখুৰীৰ বুকুত ওপঙি আছে কেইবাশ মৃত মাছ।

দেওবাৰে পুৱাৰ ভাগত দীঘলীপুখুৰীৰ পানীৰ চাৰিওফালে দেখিবলৈ পোৱা যায় কেইবাশ মৃত মাছ ওপঙি থকা। কেইজনমান স্থানীয় লোকে এই দৃশ্য প্ৰত্যক্ষ কৰে। দীঘলীপুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যুৰ খবৰ পাই প্ৰশাসনৰ লোক আহি ঘটনাৰ তদন্ত আৰম্ভ কৰে। প্ৰশাসনৰ লোকে দীঘলীপুখুৰীৰ পানীত নাওঁ লৈ পুখুৰীত ওপঙি থকা মাছ সমূহক উদ্ধাৰ কৰি পাৰলৈ আনে। মৃত্যুৰ মুখত পৰা এই শ শ মাছৰ ভিতৰত বহু ডাঙৰ মাছ থকাও দেখিবলৈ পোৱা যায়।

প্ৰশাসনৰ লোকে দীঘলীপুখুৰীৰ বুকুৰ পৰা মৃত মাছ সমূহ উদ্ধাৰ কৰি মাটিত পুতি থয়। ইফালে মীন বিভাগৰ লোকে দীঘলীপুখুৰীত উপস্থিত হৈ পুখুৰীৰ পানী পৰীক্ষা কৰে। মীন বিভাগৰ লোকে জানিবলৈ দিয়ে যে পুখুৰীৰ পানীৰ পৰীক্ষাৰ অন্তন স্পষ্ট হৈছে যে দীঘলীপুখুৰীৰ পানীৰ অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেই এইদেৰে মাছৰ অস্বভাৱিক মৃত্যু ঘটিছে।

ঐতিহাসিক দীঘলীপুখুৰীত ইমান সংখ্যক মাছৰ অস্বভাৱিক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মীন বিভাগৰ লোকে জানিবলৈ দিয়ে যে কিছু বছৰ পূৰ্বে দীঘলীপুখুৰীত মাছৰ পোনা দিয়া হৈছিল আৰু দীঘলীপুখুৰীত মাছৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে ক’ভিড মহামাৰীৰ ফলত দীঘলীপুখুৰী পৰ্যটকৰ বাবে বিগত কেইবামাহ ধৰি বন্ধ হৈ আছে।