গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জানুৱাৰী : গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দেশৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা ফিল্মফেয়াৰৰ বাবে সাজু অসম পৰ্যটন বিভাগ। বৃহস্পতিবাৰৰ পৰা মুকলি কৰা হৈছে এই ফ্লিমফেয়াৰৰ টিকট।
গুৱাহাটীৰ সৰুসজাইত হ’বলগীয়া এই অনুষ্ঠানৰ টিকটৰ ন্যূনতম মূল্য ১০০০ টকা আৰু সৰ্বাধিক মূল্য হৈছে তিনি লাখ টকা । ইয়াৰোপৰি ১০০০ টকীয়া টিকট দিয়া হ’ব স্কুলীয়া ছাত্ৰ-ছাত্ৰীক।
ইতিমধ্যে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং, বিকি কৌশল, আয়ুষ্মান খুৰাণা আৰু আলিয়া ভাট এই অনুষ্ঠানলৈ অহাৰ নিশ্চিত প্ৰদান কৰিছে ।