নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ । নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ।

নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া।

আবেদন কৰিবলৈ সাধাৰণ প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ হোৱাৰ লগতে সৰ্বাধিক ৩৮ বছৰ। সৰ্বাধিক ৪১ বছৰ অবিচি/এম অ বি চিৰ প্ৰাৰ্থীৰ বাবে আৰু এছটি/এছচিৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্ছ বয়সৰ সীমা ৪৩ বছৰ।

ইয়াৰোপৰি যোগ্যতা থকা প্ৰাৰ্থী টেট উত্তীৰ্ণ হ’ব লাগিব ।আবেদনৰ অন্তিম তাৰিখ ১১–০২–২০২০।