ডিব্ৰুগড়
২ ছেপ্টেম্বৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জেষ্ট্য চিকিৎসকে সংঘটিত কৰিছে এক অমানুষিক কাণ্ড। ঘৰত বনকৰা শিশুৰ দেহত উতলা পানী ঢালি নিৰ্যাতন চলালে চিকিৎসক গৰাকীয়ে। শিশু কল্যাণ সমিতিয়ে চিকিৎসক গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে ১২ বছৰীয়া শিশুটিক।

ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জেষ্ঠ চিকিৎসক ঘৰত বনকৰা হিচাপে থকা এগৰাকী ১২ বছৰীয়া শিশুৰ ওপৰত চিকিৎসাক গৰাকীয়ে চলালে অমানুষিক নিৰ্যাতন। ডা° সিদ্ধি প্ৰসাদ দেউৰী নামৰ চিকিৎসক গৰাকীয়ে তেওঁৰ ডিব্ৰুগড়ৰৰ মিলননগৰত থকা বাসগৃহত বনকৰা শিশুটি শুই থকা অৱস্থাত শিশুটিৰ শৰীৰৰ উতলা পানী ঢালি অকৰ্থ্য নিৰ্যাতন চলায়। নিশা শুই থকা অৱস্থাত শিশুটিৰ শৰীৰত উতলা পানী ঢালি দিয়াত শিশুটি চটফটাই থকাত ডা° সিদ্ধি প্ৰসাদ দেউৰীৰ পত্নী মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোৱৰে ৱাৰ্থৰোমলৈ নি শিশুটিৰ শৰীৰত ঠাণ্ডা পানী ঢালি দিয়াৰ শিশুটিৰ শৰীৰৰ চাল উলাই পৰে। শিশুৰ ওপৰত এনেদৰে চলালে অকৰ্থ্য নিৰ্যাতনৰ খবৰ পাই শিশু কল্যাণ সমিতিয়ে অৱশেষত চিকিৎসক গৰাকীৰ ঘৰৰ পৰা শিশুটিক উদ্ধাৰ কৰি ডিব্ৰুগড় আৰক্ষীত গোচৰ ৰুজু কৰে। ডিব্ৰুগড় আৰক্ষীয়ে শিশু কল্যাণ সমিতিৰ গোচৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিছে যদিও এই পযন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীক।

এগৰাকী চিকিৎসক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষাই নিজৰ ঘৰত এটি শিশুক বনকৰা হিচাপে নিয়োজিত কৰি এইদৰে অমানুষিক নিৰ্যাতন চলোৱা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজে অতি শীঘ্ৰে নিষ্ঠুৰ চিকিৎসক গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।