গুৱাহাটী

২ ছেপ্টেম্বৰ

মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। এসপ্তাহৰ ভিতৰত আদিংগিৰি পাহাৰত বন বিভাগৰ পিঞ্জৰাত পৰিল দ্বিতীয়টো নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি অঞ্চলটোত আতংক চলাই আছে নাহৰফুটুকী বাঘ।

বুধবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি আদিংগিৰি পাহাৰত নাহৰফুটুকী বাঘে মুক্ত বিচৰন কৰি থকাৰ ফলত আতংকিত হৈ আছে স্থানীয় লোক। বনবিভাগৰ লোকে পাহাৰত আতংক চলাই থকা নাহৰফুটুকী বাঘক পিঞ্জৰাবদ্ধ কৰাৰ বাবে বিগত কিছুদিন ধৰি চেষ্টা চলাই দ্বিতীয়টো নাহৰফুটুকী বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২৫ আগষ্টতো নিশাৰ ভাগত আদিংগিৰি পাহাৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ বন বিভাগে পাতি থোৱা পিঞ্জৰাৰ ভিতৰত ছাগলী ভক্ষণ কৰিবলৈ আহি পিঞ্জৰাবদ্ধ হৈছিল। গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নেতৃত্বত খানামুখ আৰু ফঁটাশিল বনবিভাগৰ লগতে মালিগাঁও গোশালা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত ২৫ আগষ্টৰ নিশা পিঞ্জৰাবদ্ধ হৈছিল প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। কিছুদিন পূৰ্বে মালিগাঁৱৰ আদিংগিৰি পাহাৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশু নিহত হৈছিল। আদিংগিৰি পাহাৰত প্ৰায়ে হাবিৰ মাজৰ পৰা নাহৰফুটুকী বাঘ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।

বুধবাৰে সন্ধিয়াৰ ভাগত অঞ্চলটোত দ্বিতীয়টো নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাত নাহৰফুটুকী বাঘটোক চাবলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। পাহাৰত পুনৰ নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পাই ঘটনাস্থলীত গোশালা আৰক্ষী উঅস্থিত হোৱা বুলি জানিব পৰা গৈছে।