যোৰাবাট,২৯ জুনঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিয়ে সৰ্বসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ২০ কিল’মিটাৰ নিলগত থকা আমভেৰীত বিদ্যুৎ বিভাগৰ গাফিলতিত যিকোনো মূহূতৰ্তে ভয়াবহ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷ আমভেৰীত বিভাগটোৱে বিদ্যুৎ পৰিবাহী তাঁৰ বিদ্যুৎ বাহী খুঁটাৰ পৰিবৰ্তে বিপদজনক ভাৱে বাঁহৰ খুটাৰে  যোগান দিছে। এই বাঁহৰ খুটা সমূহ যিকোনো মূহূতৰ্তে খহি মানুহৰ বাসগৃহ তথা গছকে ধৰি যি কোনো স্থানত পৰি ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷  স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক এই বিষয়ে কেবাবাৰো অৱগত কৰাৰ পিছতো বিভাগটোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতি তথা গা-এৰা মনোভাবৰ বিৰুদ্ধে আমভেৰীৰ স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ক্ষুন্ন জনতাই বিদ্যুৎ পৰিবাহী তাঁৰ  সুলকি অঞ্চলটোৰ জনতাৰ জীৱন তথা সম্পতিৰ ক্ষতি কৰিলে তাৰবাবে বিদুৎ বিভাগে দায়ী হ’ব লাগিব বুলি মন্তব্য দিয়ে৷ যিয়েই নহওক বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আমভেৰীত  ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত।