তেজপুৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ : এইবাৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোদীৰ। বিশাল জনসভাক সম্বোধন কৰি মোদীয়ে কয় যে মই নকওঁ যে ৫ বছৰত সকলো কাম কৰিম। ৭০ বছৰত যদি কৰিব নোৱাৰে, ৫ বছৰত কেনেকৈ কৰিব পাৰিম। কিন্তু যিমানখিনি পাৰো কৰাৰ প্ৰয়াস কৰি গৈছো।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে দেশক আগুৱাই নিবৰ বাবে বহুত কিবাকিবি কৰা প্ৰয়োজন। বিগত ৫ বছৰত প্ৰব্ৰজনকাৰী, সন্ত্ৰাসবাদীৰ ওপৰত নিয়ন্ত্ৰণ আপোনালোকে দেখিছে। শত্ৰুৰ ঘৰত সোমাই মাৰিবলৈ শক্তি আপোনালোকেই দিছে।

আনহাতে, নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক কঠোৰ সমালোচনা মোদীৰ । কংগ্ৰেছ যদি পুনৰ শক্তিশালী হয় তেন্তে পুনৰ পুৰণি সমস্যাৰে জৰ্জৰিত কৰিব অসমক। কংগ্ৰেছে অসমক প্ৰতিবাৰেই প্ৰতাৰণা কৰিছে। ৭০ৰ দশকত প্ৰব্ৰজন ৰোধৰ বাবে কংগ্ৰেছে যি কৰিলে আজিও তাৰ পৰিণাম ভুগিছে অসমবাসীয়ে। আজি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰয়াস কৰিছো বাবে কংগ্ৰেছৰ সমস্যা হৈছে। আজি ভাৰতে শক্তি দেখুৱাইছে, আমাৰ বীৰ জোৱানে পৰাক্ৰম দেখুৱাইছে। আজি সমগ্ৰ বিশ্ব ভাৰতৰ সৈতে থিয় দিছে। নিৰ্বাচনী প্ৰচাৰত এনেদৰে কংগ্ৰেছক সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।