মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
১ অক্টোবৰ
বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বৃস্পতিবাৰেও বড়ো ভূমিত উত্তাল প্ৰতিবাদ। বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাইগাঁৱত বিপিএফৰ যুৱ মঞ্চ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ বাইক ৰেলী।
বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে অব্যাহত ৰাখিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷ বিপিএফ দলে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত যোৱা ২৫ ছেপ্তেম্বৰৰ পৰা ভাগে ভাগে গণতন্ত্ৰিক পদ্ধতিৰে আন্দোলন চলাই আহিছে৷ ইতিমধ্যে বিপিএফ দল, বিপিএফৰ যুৱ মঞ্চ, মহিলা মঞ্চ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাই গণতন্ত্ৰিক পদ্ধতিৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগ, মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য সচিবক স্মাৰকপত্ৰ প্ৰদান কৰিছে৷ বুধবাৰে সন্ধিয়া বিটিচি এলেকাৰ জিলা বি পিএফ দলৰ যুৱ মঞ্চ, বড়োলেণ্ড ছাত্ৰ সন্থা, ব্লক বিপিএফ , বিপিএফ প্ৰাইমাৰী সমিতিয়ে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত মম আৰু মশাল জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ বৃহস্পতিবাৰে পুনৰ বিপিএফৰ যুৱ মঞ্চ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ যৌথ উদ্দোগত বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিচিৰ শ্ৰীৰামপুৰ ব্লক বি লপিএফ, গুমা ব্লক বি লপিএফ, শৰাইবিল ব্লক বিপিএফ, কচুগাঁও ব্লক বিপিএফ আৰু যমদুৱাৰ ব্লক বিপিএফ সমিতিৰ নেতা-কৰ্মী আৰু সমৰ্থক সকলে হাতে হাতে ফেষ্টুন, প্লেকাৰ্ড লৈ বিটিচি নিৰ্বাচন অনুষ্টিত কৰক, ন ইলেকশ্যন ন ৰেষ্ট, ৰাজ্যপাল গ বেক আদি বিভিন্ন শ্ল’গানেৰ গোসাইগাঁও মহকুমাৰ বিটিচি পৰিষদীয় পাঁচখন সমষ্টিত বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কঁপাই তোলে৷
উল্লেখ্য যে বিগত কিছুদিন ধৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে উতলা কৰি ৰাখিছে বড়ো ভূমি। নিৰ্বাচন অনুষ্ঠিত নকৰা পৰ্যন্ত বিপিএফ দলে ধাৰাবাহিক আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে।