গুৱাহাটী

১ অক্টোবৰ

অৱশেষত বিজেপিৰ পৰা নিলম্বন কৰা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্ত দিবন ডেকাক। বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দিবন ডেকাক বিজেপি দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত বিজেপি নেতা দিবন ডেকাক ৰাজ্যিক বিজেপিয়ে প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বৃহস্পতিবাৰে দিবন ডেকাক বিজেপিৰ পৰা নিলম্বন কৰে। প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকা অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত মূল অভিযুক্ত।

পলাত অৱস্থাত থকা দিবন ডেকা বুধবাৰে নিশা আত্মসমৰ্পণ কৰিবলৈ আহি বৰপেটা জিলাৰ পাটাছাৰকুচি আৰক্ষীৰ হাতত ধৰা পৰিছিল। বৰ্তমান অসম আৰক্ষীৰ কাহিলিপাৰা কার্যলায়ত দিবন ডেকাক আৰক্ষীয়ে জেৰা চলাই আছে। ইফালে কেলেংকাৰীৰ অন্য এজন মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত বৰ্তমানেও পলাতক অৱস্থাত আছে।