গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ এন আৰ চিৰ সন্দৰ্ভত নিজ বাসগৃহত সংবাদমেল । সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চি সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

আনহাতে ইতিমধ্যে চুপ্ৰিম কোৰ্টত চৰকাৰে দাখিল কৰা আৰু চুপ্ৰিম কোৰ্টেও গ্ৰহণ কৰা বিদেশী বুলি ঘোষিত নাগৰিকসকলক চৰকাৰে ডেটেনশ্যন কেম্পৰ পৰা এৰি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে বিৰোধীতা কৰে অখিল গগৈয়ে। গগৈয়ে কয় ” যি প্ৰকৃত বিদেশী তেওঁলোকক ভাৰতবৰ্ষৰ কোনো আইনৰ অধীনত সুৰক্ষিত কৰাটো সম্ভৱ নহয়। ”

বিদেশী ঘোষিত মানুহক অসমত জামিনত মুকলি কৰি দিয়াৰ সিদ্ধান্ত আত্মঘাটিৰ সিদ্ধান্ত। জাতিধংশীৰ সিদ্ধান্ত, সংবিধান আৰু আইনবিৰোধী সিদ্ধান্ত বুলি কৈ চৰকাৰক প্ৰশ্ন কৰে যে বিদেশী বুলি ঘোষিত হোৱাৰ পাছত ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত আৰু ভাৰতবৰ্ষৰ কোনখন আইনৰ অধীনত বিদেশীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাকৈ জনাব লাগে ।

সংবাদমেলত গগৈয়ে ডিটেনশ্যন কেম্পত চলি থকা নিৰ্যাতন বন্ধ কৰি বিচাৰ প্ৰক্ৰিয়া নিকা ,ক্ষিপ্ৰ আৰু বিজ্ঞানসন্মত কৰিবৰ বাবেও আহ্বান জনায় ।

এজন মানুহ যেতিয়া আইনগত ভাৱে বিদেশী ঘোষিত হোৱাৰ পাছত আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ এসপ্তাহৰ পৰা এমাহৰ ভিতৰত সেই মানুহজনক যি দেশৰ পৰা আহিছে সেই দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিব লাগে । তাৰ কাৰণে বাংলাদেশৰ লগত বিদেশী প্ৰত্যাৰ্পণ চুক্তি কৰিব লাগে । যিখন চুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২০০৫ চনৰ পৰা দাবী কৰি আহিছে । গতিকে বিজেপি চৰকাৰৰ লগত অনতিপলমে বাংলাদেশৰ লগত বিদেশী প্ৰত্যাৰ্পণ চুক্তি গ্ৰহণ কৰি বিদেশীক বিদায় দিয়াৰ ব্যৱস্থা লবৰ বাবে দাবী উত্থাপন কৰে।

ইয়াৰোপৰি চুপ্ৰিম কোৰ্টে বিজেপি চৰকাৰক ৬ বাৰ পর্যন্ত অসমৰ সীমান্তৰ ৬১ কিলোমিটাৰ কাটাতাঁৰৰ বেৰ সম্পূৰ্ণ নকৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰিছে । এই ৬১ কিলোমিটাৰৰ কাটাতাঁৰৰ বেৰ সম্পূৰ্ণ কৰিবলৈ চৰকাৰক সংবাদমেলৰ জৰিয়তে দাবী জনায় উপদেষ্টা গৰাকীয়ে কয় যে আমাক বিদেশী সমস্যাৰ স্থায়ী সমাধান লাগে ,পলিটিক্স নালাগে।