গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : উগ্রতাৰা দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰে । সংবাদ মেলত অহা ২৩ মে’ৰ দিনা মা উগ্ৰতাৰাৰ দুয়োটা মূৰ্ত্তি প্ৰতিষ্ঠা কৰিব বুলি জানিবলৈ দিয়ে অৰ্থাৎ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই প্ৰতিষ্ঠা কৰা হব উগ্রতাৰা দেৱালয়ৰ বিগ্রহ।

ইফালে মাৰ বিগ্রহ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি মন্দিৰ পৰিচালনা কমিটিয়ে ২২ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উগ্রতাৰা মহোৎসৱৰ আয়োজন কৰিছে।

সংবাদমেলত সাধাৰণ সম্পাদক কৈলাশ শৰ্মাই জানিবলৈ দিয়ে যে চুৰি হোৱা বিগ্রহটো ৯৭৫ বছৰ ধৰি উগ্রতাৰা দেৱালয়ত আছিল। এই মূৰ্ত্তি ভাগৰ অনুপস্থিতিত কলকাতাত প্ৰায় ৩ লাখ টকাৰ বিনিময়ত নিৰ্মাণ কৰি আনিছিল নতুন মূৰ্ত্তিটো। সেয়েহে মন্দিৰ পৰিচালনা কমিটিয়ে দুয়োভাগ মূৰ্ত্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে প্ৰায় ছমাহ অৰ্থাৎ ১৬ নৱেম্বৰ, ২০১৮ৰ পুৱতি নিশা চুৰি হৈছিল মা উগ্ৰতাৰাৰ সেই বিগ্ৰহ। ৯৭৫ বছৰীয়া ঐতিহাসিক সেই মূৰ্তিত কাৰ চোৰ-হাত লাগিব পাৰে তাকে লৈ চিন্তিত হৈ পৰিছিল উগ্ৰতাৰা মন্দিৰ কৰ্তৃপক্ষ। বিগ্ৰহ বিচাৰি বহুতো অভিযান চলিল । পাছত মন্দিৰ কৰ্তৃপক্ষই ৰাজহুৱা সভাই দিয়া সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত বিকল্প বিগ্ৰহ প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হৈছিল । অসমীয়া শিল্পী ৰবীন বৰয়ে প্ৰস্তুত কৰা আৰ্হিৰে কলিকতাৰ পৰা আনিছিল অষ্ট ধাতুৰে নিৰ্মিত বিকল্প বিগ্ৰহ আৰু বিগ্ৰহ প্ৰতিষ্ঠাৰ মাংগলিক পৰ্ব অনুষ্ঠিত হোৱাৰ আগদিনা উদ্ধাৰ হ’ল চাৰে পাঁচ মাহ পূৰ্বে চুৰি হোৱা ঐতিহাসিক মা উগ্ৰতাৰাৰ বিগ্ৰহ আৰু এই দুয়োভাগ মূৰ্তি ২৩ মে’ অৰ্থাৎ বৃহস্পতিবাৰে স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা কমিটিয়ে।