কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১১ মেঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণটাৰীত ইৰি ধানৰ খেতিত ধানৰ বিপৰীতে পতান পোৱা ঘটনাক লৈ কলগাছিয়াৰ কৃষক সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত বছৰ বোৰৰ দৰে এইবাৰো ধানৰ পৰিবৰ্তে পতান উদ্ধাৰ হোৱাত কৃষক সকল ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে বীজ কোম্পানী সমূহৰ পৰা যোগান ধৰা বীজ ব্যৱহাৰ কৰাত ধানৰ বিপৰীতে পতান হোৱাত খেতিয়ক সকলে মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোৰ খেতিয়ক সকল সম্পূৰ্ণৰূপে ইৰি ধানৰ খেতিৰ ৰূপত নিৰ্ভৰশীল হোৱা হেতুকে তেওঁলোকৰ সম্মুখত আত্মহত্যা কৰাৰ দৰে পৰিস্থিতি আহি পৰিছে। কৃষক সকলে উত্থাপিত কৰা অভিযোগ অনুসৰি চৰকাৰে নিয়োগ কৰা গ্ৰাম সেৱক সকলৰ সহায়ৰ নোপোৱাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইৰি ধানত পতান হোৱা কৃষক সকলক যোৱা বছৰ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে প্ৰদান কৰিছিল যদিও কৃষক সকলক কোনোধৰণৰ ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আছে। এনে ক্ষেত্ৰত এই বছৰ কৃষকৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হব অতিকৈ লক্ষণীয়।