চৰাইদেউ, সংবাদ ৩৬৫, ১১ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক অইন ২০১৬ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুক্ৰবাৰে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতীকী শ সোণাৰিত মহাবিদ্যালয়ৰ সমীপৰ পৰা লৈ যাত্ৰা কৰি নগৰখনৰ শিৱ মন্দিৰ তিনিআলিত দাহ কৰে। টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, এজেৱাইচিপি, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছুৰ লগতে কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদীকাৰী সকলে মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতীকী শ দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।